পৃষ্ঠা:ঊষা-হৰণ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লুকাই চোৰে যিবা জনে দেই বেলপাত৷
আগে দন্দ্ব কৰে পাছত কাটে যাত॥
দেশ দেশান্তৰে থাকি যিবা জনে পূজে৷
ছয় মাহ কষ্ট কৰি তাৰ সঙ্গে যুজে॥
চিত্ৰলেখাক দেখি ইন্দ্ৰে কহিলেক ডাকি৷
ঊষা অনিৰুদ্ধক আন আজি নৃত্য দেখি॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি৷
উষাৰ চলনা বুলি একই লেছাৰি॥

দিহা—চলা ঊষা সত্বৰ বিলম্ব নকৰ
 আজি নৃত্য দেখে পুৰন্দৰ৷

লাস বেশ পূৰ্ণ কৰি  চলা ঊষা সুন্দৰী
  আজি তাল ধৰা দৃঢ় কৰি৷
যদি নত্যে তুতে তাল   পাছত নাপাবি ভাল৷
  আসিয়াছে জয় বিষহৰি॥
উষাই বোলে চিত্ৰলেখা  আজি কৰা অপেক্ষা৷
  কুস্বপ্ন দেখি আছো আমি৷
উঠিয়া শয্যাৰ হন্তে ছালে  ঠেকিয়াছে দন্তে
  অগ্নি কোণে পৰি আছে হাচি॥