পৃষ্ঠা:ঊষা-হৰণ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চান্দে বোলে শুনা ৰাণী আমাৰ বচন৷
মোৰেই শপত তুমি নকৰা ক্ৰন্দন॥
দৈৱৰ নিবন্ধে তোমাৰ ছয় পুত্ৰ মৰে৷
আমাৰ কুশলে পুত্ৰ হৈবো তোমাৰ ঘৰে॥
সোণাই সহিতে চান্দো আছন্ত কৌতুকে৷
ৰথে থাকি পদ্মাৱতী দেখয় সন্মুখে॥
যুগুতি কৰিলা পদ্মা নেতাৰ সহিতে৷
চন্দ্ৰধৰৰ পূজা বৈনী খাইবো কেন মতে॥
নেতা বোলে শুনা পদ্মা আমাৰ বচন৷
ইন্দ্ৰৰ পুৰীক তুমি কৰহ গমন॥
তেবেসে জিনিবা কাৰ্য্য জয় বিষহৰি৷
ঊষা অনিৰুদ্ধ আনা ইন্দ্ৰত ভিক্ষা কৰি॥
ঊষাক জন্ম দিবা নিয়া শাহে ৰাজাৰ ঘৰে৷
অনিৰুদ্ধক দিবা জন্ম সোণেকা উদৰে॥
দুয়ো জনক জন্ম দিবা জাতিষ্মৰ কৰিয়া৷
শাহে চান্দো মিলি দুইকো কৰাই দিবো বিয়া ॥
কালৰাত্ৰি লখিন্দাৰক খাইবো কালী নাগে৷
ভাসাইয়া দিবো সাধু গুঞ্জুৰী সাগৰে॥