অসমীয়া লৰাপাঠ/দ্বিতীয় ভাগ

ৱিকিউৎসৰ পৰা
(অসমীয়া লৰাপাঠ- দ্বিতীয় ভাগৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ
লেখক জয়চন্দ্ৰ চক্ৰবৰ্ত্তি

[ পৰিচয় ]
 

ASSAMESE

L A R A P A T H A.

PART II.

BY

JOY CHANDRA CHAKRAVARTI

2nd Master, Gauhati Normal School


অসমীয়া

লৰাপাঠ।

দ্বিতীয় ভাগ৷


গুৱাহাটী নৰ্ম্ম্যালস্কুলৰ দ্বিতীয় শিক্ষক

শ্ৰীজয়চন্দ্ৰ চক্ৰবৰ্ত্তি-কৰ্ত্তৃক

ৰচিত


পঞ্চম সংস্কৰণ৷


কলিকাতা

৪৬ নং পঞ্চাননতলা লেন ভারতমিহির যন্ত্ৰে,

সান্যাল এণ্ড কোম্পানী দ্বাৰা

মুদ্ৰিত ও প্ৰকাশিত৷


সন ১২৯৭ সাল৷

মুল্য/ এক অনা মাথোন

[ পৰিচয় ] [ পৰিচয় ]
 

ASSAMESE

L A R A P A T H A.

PART II.

BY

JOY CHANDRA CHAKRAVARTI

2nd Master, Gauhati Normal School


অসমীয়া

লৰাপাঠ।

দ্বিতীয় ভাগ৷


গুৱাহাটী নৰ্ম্ম্যালস্কুলৰ দ্বিতীয় শিক্ষক

শ্ৰীজয়চন্দ্ৰ চক্ৰবৰ্ত্তি-কৰ্ত্তৃক

ৰচিত।



পঞ্চম সংস্কৰণ৷


কলিকাতা

৪৬ নং পঞ্চাননতলা লেন ভারতমিহির যন্ত্ৰে,

সান্যাল এণ্ড কোম্পানী দ্বাৰা

মুদ্ৰিত ও প্ৰকাশিত৷


সন ১২৯৭ সাল৷

[ পৰিচয় ] [  ]

লৰাপাঠ।

দ্বিতীয় ভাগ।


সংযোগী আখৰ।

য ফলা।

ক্য খ্য গ্য চ্য জ্য ট্য ঠ্য
ঢ্য ণ্য ত্য থ্য দ্য ধ্য ন্য
প্য ভ্য ম্য য্য ল্য ব্য শ্য
ষ্য স্য হ্য ক্ষ্য।
ক্য কুবাক্য কোৱা অযুগুত।
খ্য ভাল কাম ন কৰাকৈ কোনে বিখ্যাত হব পাৰে?
গ্য কাৰো সৌভাগ্য সদাই একে দৰে নে থাকে।
চ্য বেয়া বিষয় কেতিয়াও আলোচ্য ন হয়।
জ্য বাণিজ্যেই মাথোন ধন পোৱাৰ ঘাই উপায়।
ট্য নাচ ঘৰক নাট্যশালা বুলি কয়।
ঠ্য শিক্ষাসাৰ পুথি লৰা বিলাকৰ পাঠ্য।
[  ]
ঢ্য বিভূতি থকা মানুহক আঢ্য কয়।
ন্য সদাই পুণ্য কৰিবলৈ মন দিবা।
ত্য কোনেও মৃত্যু এড়াব নোৱাৰে।
থ্য কেতিয়াও মিথ্যা কথা ন কবা।
দ্য বিদ্যাৰ নিচিনা ধন নাই।
ধ্য অধ্যাপকৰ উপদেশ মনত সাঁচি ৰাখিবা।
ন্য সকলো কথাতে গুৰু জনক মান্য কৰিবা।
প্য ৰৌপ্যৰ পৰা টকা হয়।
ভ্য নিতৌ পাঠ অভ্যাস কৰিবা।
ম্য সৰু লৰা ছোৱালীৰ কথা মনোৰম্য।
য্য দুখীয়া মানুহক সাহায্য কৰা উচিত।
ল্য হীৰাৰ জিলিকনিৰ তুল্য আন কোনো বাখৰৰ জিলিকনি নাই।
ব্য ব্যাধি হলে দৰব খোৱা উচিত।
শ্য কৰিব লগীয়া কাম অৱশ্যে কৰিবা।
য্য ভবিষ্যৎ বিষয় আগেয়ে গমি চাব লাগে।
স্য যশস্যা পাবলৈ কোনে আশা ন কৰে?
হ্য উটে ৰ'দ আৰু পিয়াহ বড়কৈ সহ্য কৰিব পাৰে।
ক্ষ্য অভক্ষ্য ভক্ষণ কৰিব নে পায়।
[  ]

ৰ ফলা।

ক, ক্ৰ গ্ৰ ঘ্ৰ ত্ৰ, ত্ৰ দ্ৰ প্ৰ
ভ্ৰ, ভ্ৰ ম্ৰ ব্ৰ শ্ৰ হ্ৰ।
ক্ৰ ক্ৰোধৰ নিচিনা ৰিপু নাই।
গ্ৰ কাৰো গলগ্ৰহ হই নে থাকিবা।
ঘ্ৰ সময় বতাহৰ নিচিনা শীঘ্ৰে উড়ি যায়।
জ্ৰ যি মানুহৰ দয়া ন৷ই, তাৰ হৃদয় বজ্ৰময়।
ত্ৰ অকপটায়া মিত্ৰক মাথোন পতিযাবা।
দ্ৰ ভদ্ৰ মানুহৰ লৰাইও বিদ্যা নিশিকি অভদ্ৰ হয়।
প্ৰ যি মিচা কথা কয় সি তাৰ প্ৰতিফল পায়।
ভ্ৰ ভ্ৰম নেহোৱা মানুহ পাবলৈ টান।
ম্ৰ আম্ৰফল খাবলৈ ভাল।
ব্ৰ মনৰ গতি বড় তীব্ৰ।
শ্ৰ নিৰাশ্ৰয়ক আশ্ৰয় দিবা।
স্ৰ দহ শই এক সহস্ৰ।
হ্ৰ মৰু হ্ৰদত কোনো জীৱ থাকিব নোৱাৰে।
[  ]

ল ফলা।

ক্ল গ্ল প্ল ম্ল শ্ল হ্ল।
ক্ল পাপী মানুহৰ ক্লেশৰ সীমা নাই।
গ্ল হুগ্লী নামেৰে এখন জিলা আছে।
প্ল ভেঁকুলিৰ প্লুত গতি।
ম্ল ম্লান মুখ হই নে থাকিবা।
ল্ল সাধু বিলাক সদাই প্ৰফুল্ল থাকে।
শ্ল সকলোৱেই শ্লোক আওড়াবলৈ ভাল পায়।
হ্ল প্ৰহ্লাদৰ নিচিনা ভকত কোনেও না ছিল।

ব ফলা।

ক্ব গ্ব জ্ব ত্ব থ্ব দ্ব ধ্ব ন্ব ল্ব শ্ব স্ব
হ্ব ক্ষ্ব।
ক্ক চাগু নিচেই লঘু পক্ক।
গ্ব এতিয়া ৰজা বিলাকে দিগ্বিজয়লৈ নোলায়।
জ্ব জ্বৰ হলে দৈ খোৱা অযুগুত।
ত্ব যি আনৰ দাসত্ব কৰে তাৰ সদাই অসুখ।
থ্ব পৃথিবীক পৃথ্বীও বোলে।
দ্ব চাৰিও ফালে পানী থকা ঠাইক দ্বীপ বোলা যায়।
[  ]
ধ্ব সাবিত্ৰী বড় সাধ্বী আছিল৷
ম্ব শোকান্বিত লোকক প্ৰবোধ দিয়া।
ল্ব বিল্বফল গ্ৰহিণী ৰোগলৈ ভাল৷
শ্ব ঈশ্বৰক ভয় কৰিবা৷
স্ব স্বৰূপ কথা কবা৷
হ্ব জিহ্বাৰে সোৱাদ পোৱা যায়৷
ক্ষ্ব ইক্ষ্বাকুৰ বংশত ৰাম উপজি ছিল৷

ন ফলা।

গ্ন ঘ্ন ত্ন প্ন ম্ন শ্ন স্ন হ্ন, হ্ন৷
গ্ন কোনো কোনো মানুহে সকলো কামলৈ শুভ লগ্ন বিচাৰি ফুৰে৷
ঘ্ন বিবেচক মানুহে মহা বিঘ্নকো এড়াব পাৰে৷
ত্ন যত্ন নকৰিলে কেতিয়াও ৰত্ন পোৱা নে যায়৷
প্ন অল্প ধতুৱা মানুহৰ স্বপ্ন দেখি এই তত হেৰায়৷
ম্ন নিম্ন ভূমিত নানা বিধীয়া ঘাঁহ হয়৷
শ্ন ? এই চিনে প্ৰশ্ন বুজায়৷
স্ন ভাই ভনীক স্নেহ কৰিবা৷
হ্ন জাহ্নবী নৈৰ পানী পবিত্ৰ বুলি কয়৷

[  ]

ম ফলা৷

ক্ম গ্ম ণ্ম ত্ম দ্ম ন্ম ল্ম শ্ম ষ্ম স্ম
হ্ম, হ্ম ক্ষ্ম।
ক্ম ৰুক্মিণী বড় গুণৱতী আছিল৷
গ্ম এযোড়ক যুগ্ম বোলে৷
ণ্ম মৃণ্ময় পাত্ৰৰ পানী বড় শীতল৷
ত্ম অত্মঘাতী হোৱা মহাপাপ৷
দ্ম পদ্ম ফুল অতি মনোহৰ৷
ন্ম সাধু মানুহৰ হে জন্ম সফল৷
ল্ম শাল্মলি গছৰ কলাৰ পৰা তুলা হয়৷
শ্ম কাশ্মীৰী শালেই অতি উত্তম৷
ষ্ম গ্ৰীষ্মকালত চেচা ঠাইত থাকিবলৈ ইচ্ছা হয়৷
স্ম অকস্মাৎ কোনো কাম কৰিব নেপায়৷
হ্ম ব্ৰহ্মপুত্ৰ নৈ অসম দেশে দি বই গইছে৷
ক্ষ্ম ৰামে সীতা আৰু লক্ষ্মণেৰে সইতে বনলৈ গইছিল৷

ৰেফ্‌৷

ৰ্ক ৰ্খ ৰ্গ ৰ্ঘ ৰ্চ, ৰ্চ্চ ৰ্ছ, ৰ্চ্ছ ৰ্জ ৰ্ঝ ৰ্ণ
[  ]
ৰ্ত, ৰ্ত্ত ৰ্থ ৰ্দ, ৰ্দ্দ ৰ্ধ, ৰ্দ্ধ ৰ্ন ৰ্প ৰ্ব, ৰ্ব্ব ৰ্ভ
ৰ্ম, ৰ্ম্ম ৰ্য, ৰ্য্য ৰ্ল ৰ্শ ৰ্ষ ৰ্হ।
ৰ্ক কৰ্কৰা ভাত খোৱা ভাল ন হয়৷
ৰ্খ ভদ্ৰ মানুহৰ সমাজলৈ মুৰ্খ যাব নোৱাৰে৷
ৰ্গ যি অনেক বিষয়ত পাৰ্গত হয়, তাক সকলোৱে আদৰ কৰে৷
ৰ্ঘ দীৰ্ঘজীৱী হোৱা বহু পুণ্যৰ ফল৷
ৰ্চ্চ ঈশ্বৰক সদাই অৰ্চ্চনা কৰিবা৷
ৰ্চ্ছ শোকত মূৰ্চ্ছিত ন হবা৷
ৰ্জ এলেহুৱা মানুহে ধন আৰ্জিব নোৱাৰে৷
ৰ্ঝ নিৰ্ঝৰিণীৰ গতিৰ একো ঠিকনা নাই৷
ৰ্ণ কৰ্ণে নুশুনা মানুহক কলা কয়৷
ৰ্ত্ত এক মুহূৰ্ত্ত কালো এলাহ কৰি নেখেদাবা৷
ৰ্থ বিদ্যা শিকিবলৈ পুৰুষাৰ্থ কৰা৷
ৰ্দ্দ নিৰ্দ্দোষী হবলৈ যত্ন কৰিবা৷
ৰ্দ্ধ যোৱা সময়ৰ তিলাৰ্দ্ধও উভতি নাহে৷
ৰ্ন যিকামৰ পৰা দুৰ্নাম হয় সেই কাম কেতিয়াও ন কৰিবা৷
ৰ্প কিৰ্পিণে অন্যলৈ ধন সাঁচে৷
ৰ্ব্ব হিমালয় পৰ্ব্বত সকলোতকৈ ওখ৷
[  ]
ৰ্ভ পৃথিবীৰ গৰ্ভত বহুবিধ ধাতু আছে৷
ৰ্ম্ম অধৰ্ম্মী মানুহৰ জীয়াই থকা ন থকা দুইও সমান৷
ৰ্য্য সূৰ্য্যেই গোটেই খন সংসাৰ পোহৰ কৰে৷
ৰ্ল কেতিয়াও নিৰ্লজ্জ ন হবা৷
ৰ্শ পৰামৰ্শ নো লোৱাকৈ কোনো কাম ন কৰিবা৷
ৰ্ষ কাকো ঈৰ্ষা কৰিব নে পায়৷
ৰ্হ পিতৃ মাতৃ অতি পূজাৰ্হ৷

ঙ্‌ক, ঙ্ক ঙ্খ ঙ্‌গ, ঙ্গ ঙ্ঘ ঙ্ক্ষ ঞ্‌চ,
ঞ্চ ঞ্ছ ঞ্জ ণ্ট ণ্ঠ ণ্ড ণ্ণ ন্ত ন্থ ন্দ
ন্‌ধ ন্ধ ন্ন ম্প ম্ফ ম্ব ম্ভ ম্ম।
ঙ্ক অহঙ্কাৰক মনত ঠাই নি দিবা৷
ঙ্খ শঙ্খ বোৰ সাগৰত ওপজে৷
ঙ্গ সৰহকৈ টেঙ্গা খালে নৰিয়া পড়িবা৷
ঙ্ঘ পিতৃ মাতৃৰ কথা লঙ্ঘন কৰিব না পায়৷
ঙ্ক্ষ বড়কৈ আকাঙ্ক্ষা ন কৰিবা৷
ঞ্চ লৰা বিলাকৰ মন সদাই চঞ্চল৷
ঞ্ছ চুৰ কৰিবলৈ বাঞ্ছা ন কৰিবা৷
[  ]
ঞ্জ বুৰঞ্জী পঢ়িলে আগৰ কালৰ কথা বিলাক জানিব পাৰি৷
ণ্ট শত্ৰুৰ নিচিনা কণ্টক নাই৷
ণ্ঠ কণ্ঠৰ পৰা ধ্বনি ওলায়৷
ণ্ড পণ্ডিত বিলাকে সকলো ঠাইত মান পায়৷
ণ্ণ সদাই বিষণ্ণ মনেৰে থকা ভাল ন হয়৷
ন্ত ঈশ্বৰে অনন্ত সুখ দিয়ে৷
ন্থ কুপন্থলৈ খোজ না কাঢ়িবা।
ন্দ আনক নিন্দা কৰা অযুগুত৷
ন্ধ গান্ধি পোকে ধান হানি কৰে৷
ন্ন আপোন দেশৰ উন্নতি দেখি কোনোৱে সন্তোষ নেপায়?
ম্প লোকৰ সম্পত্তিলৈ লোভ ন কৰিবা৷
ম্ফ কোনেও লম্ফ দি (ডেও মাৰি) গছৰ আগত উঠিব নোৱাৰে৷
ম্ব সম্বল নো লোৱাকৈ প্ৰবাসলৈ নে যাবা৷
ম্ভ কলক ৰম্ভা বোলা যায়৷
ন্ম সন্মতি নো লোৱাকৈ কাৰো এডালি তৃণো নুছুবা৷

[ ১০ ]
স্ক ষ্ক স্খ দ্গ দ্ঘ শ্চ শ্ছ ব্জ জ্ঞ
ষ্ট ষ্ঠ ষ্ণ স্ত স্থ ব্দ ব্ধ স্প ষ্প
স্ফ ষ্ফ দ্ব দ্ভ
স্ক মান্য জনক নমস্কাৰ কৰিবা৷
ষ্ক অপৰিষ্কৃত ঘৰত থকা অযুগুত৷
স্খ কেতিয়া বা হাতীৰো পদ স্খলন হয়৷
দ্গ সদ্‌গুণে মানুহক শোভা কৰে৷
দ্ঘ আনৰ দোষ উদ্ঘাটন কৰা ভাল ন হয়৷
শ্চ নিশ্চয় নে জানি কোনো কথা ন কবা৷
শ্ছ মানী মানুহে অপমানক শিৰশ্ছেদনৰ নিচিনা ভাবে৷
ব্জ পদ্ম ফুলৰ এটা নাম অব্জ৷
জ্ঞ কাকো অৱজ্ঞা ন কৰিবা৷
ষ্ট দুষ্ট মানুহক কোনেও ভাল নে পায়৷
ষ্ঠ কাৰো প্ৰতি নিষ্ঠুৰ ন হবা৷
ষ্ণ কৃষ্ণ পক্ষৰ জোন লাহে লাহে কমি যায়৷
স্ত নাস্তিকক ভয় কৰিবা৷
স্থ আপোন অৱস্থালৈ চাই দান কৰা উচিত৷
ব্দ একশ বছৰ পূৰ হলে এক শতাব্দী হয়।
ব্ধ আবদ্ধ কাম শেষ ন কৰাকৈ নেড়িবা৷
[ ১১ ]
স্প স্পষ্টকৈ কথা কবা৷
ষ্প পলাশ পুষ্পৰ গোন্ধ নাই৷
স্ফ যৌৱন প্ৰস্ফুটিত ফুলৰ নিচিনা৷
ষ্ফ মূৰ্খ মানুহৰ জনম নিষ্ফল৷
দ্ব দুঃখত যি উদ্বিগ্ন ন হয় সেই এই মহৎ৷
দ্ভ সকলোৰে সইতে সদ্ভাব ৰাখিবা৷

ল্ক ল্গ ল্প গ্দ গ্ধ দ্ধ ড়্গ ক্ত প্ত।
ল্ক মাছৰ বাকলিক শল্ক কোৱা যায়৷
ল্গ ফাল্গুন মাহত জাৰ লাহে লাহে কমি আহে৷
ল্প নিতৌ অল্প অল্পকৈ পঢ়িলেও বহুত পঢ়া হয়৷
গ্দ কাকো কোনো বস্তু দিম বুলি বাগ্দান কৰি পিছত নিৰাশ ন কৰিবা৷
গ্ধ খলুৱা মানুহৰ কথাত মুগ্ধ ন হবা৷
দ্ধ সদাই শুদ্ধ মনেৰে থাকিবা৷
ড়্গ গঁড়ৰ নাকৰ ওপর পিনে এটা খড়্গ ওলায়৷
ক্ত ভক্তি ন হলে মুক্তি ন হয়৷
প্ত সোৱাদ বস্তু খালে জিহ্বাৰ তৃপ্তি হয়৷

[ ১২ ]
জ্জ্ব ত্ত্ব ৰ্দ্ধ্ব ন্ত্ৰ ন্ত্ব ন্দ্ব ম্ভ্ৰ ষ্ট্ৰ ষ্ক্ৰ
ষ্প্ৰ স্ত্ৰ
জ্জ্ব জ্ঞানীৰ চিত্ত সদাই উজ্জ্বল৷
ত্ত্ব আশ্ৰিত মানুহৰ তত্ত্ব লবা৷
ৰ্দ্ধ্ব মানুহে নিজ নিজ কাম অনুসৰি উৰ্দ্ধ্ব বা অধলৈ যায়৷
ন্ত্ৰ শকুনি আৰু কৰ্ণ কুৰু কুলৰ কুমন্ত্ৰী আছিল৷
ন্ত্ব দুখীয়াক সান্ত্বনা কৰিবা৷
ন্দ্ব দ্বন্দ্ব কৰা ভাল ন হয়৷
ম্ভ্ৰ মুৰ্খক কোনে সম্ভ্ৰম কৰে?
ষ্ট্ৰ ধৃতৰাষ্ট্ৰ ৰজা ওপজাৰে পৰা অন্ধ আছিল৷
ষ্ক্ৰ দুষ্ক্ৰিয়াত মন নি দিবা৷
ষ্প্ৰ দুষ্প্ৰবৃত্তিক সমূলি দূৰ কৰিবা৷
স্ত্ৰ শাস্ত্ৰ পঢ়িলে নানা কথা জনা যায়৷

দহ দিক্৷

পূৰ্ব্ব৷ পশ্চিম৷ উত্তৰ৷ দক্ষিণ৷ ঈশান৷ অগ্নি৷ নৈৰ্ঋত৷ বায়ু৷ উৰ্দ্ধ্ব৷ অধঃ৷

সাত বাৰ৷

দেৱ৷ সোম৷ মঙ্গল৷ বুধ৷ বৃহস্পতি৷ শুক্ৰ৷ শনি৷

[ ১৩ ]

পোন্ধৰ তিথি৷

প্ৰতিপদ৷ দ্বিতীয়া৷ তৃতীয়া৷ চতুৰ্থী৷ পঞ্চমী৷ ষষ্ঠী৷ সপ্তমী৷ অষ্টমী৷ নবমী৷ দশমী৷ একাদশী৷ দ্বাদশী৷ ত্ৰয়োদশী৷ চতুৰ্দ্দশী৷ পূৰ্ণিমা বা অমাবস্যা৷

দুই পক্ষ৷

শুক্ল আৰু কৃষ্ণ৷ যেতিয়া লাহে লাহে জোন বাঢ়িবলৈ ধৰে তেতিয়া শুক্ল পক্ষ, আৰু যেতিয়া কমিব ধৰে তেতিয়া কৃষ্ণপক্ষ বোলা যায়৷ এটা এটা পক্ষত পোন্ধৰ দিন৷ এতেকে দুই পক্ষত এমাহ হয়৷ বাৰ মাহে এবছৰ৷


পৰিশ্ৰম৷

পৰিশ্ৰম সকলো সুখৰ মূল৷ পৰিশ্ৰম ন কৰাকৈ কোনে বিদ্যাবন্ত, জ্ঞানৱন্ত আৰু ধনৱন্ত হব পাৰে? পৰিশ্ৰম ন কৰাকৈ লৰাবিলাকে বিদ্যালাভ কৰিব আৰু ডাঙ্গৰ হই ধন আৰ্জিব নোৱাৰে৷ ক্ষেতিয়ক বোৰে যি ক্ষেতি, আৰু বেপাৰী বোৰে যি বেপাৰ কৰে, শ্ৰমত বাজে সেই সকল সিদ্ধি ন হয়৷ ৰ'দ বতাহ আদি কৰি কেত [ ১৪ ] বোৰ বস্তু, যাৰ সকলোৱে সমান গৰাকী, তাত বাজে আন সকলো বস্তু শ্ৰমেৰে হে পোৱা যায়৷

যি মানুহে যিমান শ্ৰম কৰে, সি তিমান বিদ্যা, জ্ঞান, ধন, আৰু সুখ পায়৷ ইংৰাজ বিলাকে যে ইমান বিদ্যাৱন্ত, জ্ঞানৱন্ত, চহকী আৰু সুখীয়া হইছে, পৰিশ্ৰম মাথোঁন তাৰ ঘাই কাৰণ৷

শ্ৰম ন কৰা হেতুকে নগা, ডফলা, খাম্‌তি আদি কৰি পৰ্বতীয়া মানুহ বিলাকে ভাল খাবলৈ পিন্ধিবলৈ আৰু ভাল ঘৰত থাকিবলৈ নে পায়৷ সিহঁতে ফল, মূল, নিসিজা মঙ্‌হ আদি খাই যেন তেনকৈ দিন কটায়৷ সিহঁতৰ দুঃখৰ সীমা নাই; কিন্তু জ্ঞান নথকা হেতুকে সেই সকল দুঃখক এবৈচাও দুঃখ বুলি নে ভাবে৷ বুজিব পৰা হলে শ্ৰম কৰি সিহঁতৰ অৱস্থা ভাল কৰিলে হেতেন৷

হে মোৰ প্ৰিয় লৰা বিলাক! তোমা লোকে এতিয়াৰে পৰা শ্ৰম কৰি বিদ্যা আৰ্জিব পোৱা তেনে হলে ডাঙ্গৰ হই ধন আৰ্জিব পাৰিবা আৰু বড় সুখীয়া হবা৷


[ ১৫ ]

মেকুৰী৷

মেকুৰি বোৰ মানুহৰ বড় উপকাৰী৷ সিহঁতে নিগনি বোৰ ধৰি খায়৷ সিহঁতৰ নখ বোৰ বেঁকা আৰু জোঙ্গাল৷ যেতিয়া মানুহে মৰম কৰি সিহঁতক কোলাত লয়, তেতিয়া নখ বোৰ কেঁচাই থয়।

মেকুৰি বিলাকে একে বেলি এই চাৰি পাঁচটাকৈও পোৱালি জগায়৷ ওপজাৰ পাছত পোৱালিবোৰৰ চকু কেইবা দিনলৈকে মুদ গই থাকে৷

মেকুৰি বিলাকে কোনো জন্তু ধৰিবৰ আগেযে চোপ লই থাকে৷ পিছে লখ কৰি তাৰ ওপৰত জঁপিয়াই পড়ে৷ জন্তুটো মাৰিবৰ আগেয়ে নানা বিধ যাতনা দিয়ে৷ এবেলি এড়ি দিয়ে আকৌ ধৰে, আকৌ এড়ি দিয়ে আকৌ ধৰে৷ এনেকৈ ধেমালি কৰি পিছে তাক মাৰে৷

মেকুৰি বিলাকে আন্ধাৰত ভালকৈ দেখিবলৈ পায়৷ আন্ধাৰ ৰাতি সিহঁতৰ চকুৰ মণি জিলেকে৷ সিহঁতে ভাত আদি কৰি যিযি বস্তু খায়, সকলোতকৈ মাছ মঙ্‌হকেই বড় ভাল পায়৷ সিহঁতে ঔষধৰ বাবে কেতিয়াবা ঘাঁহো খায়৷


[ ১৬ ]

কুসঙ্গ৷

যি বিলাক লৰাই সদাই বেয়া কাম কৰি ফুৰে, সিহঁতে সইতে ভাল লৰাই সঙ্গ কৰা অযুগুত৷ কিয়নো, সদাই সিইতে সইতে ফুৰি চাকি পিছে সিহঁতৰ নিচিনা হব গই৷ এটি ভাল লৰাই যদি কেত বোৰ বেয়া লৰাৰে সইতে থাকে, তেন্তে সি কেতিয়াও ভালে থাকিব নোৱাৰে; কিন্তু ভালৰ সঙ্গ পালে বেয়া লৰাও ভাল হয়৷

কোনো বনৰ মাজত এটা বাহঁত ময়না চৰাইৰ দুটা পোৱালি হইছিল৷ তাৰ এটা এজন মহন্ত মানুহে, আনটো এজন মুচিয়াৰে নিলে৷ প্ৰথমটোএ সাধুসঙ্গত পড়ি সাধুমাত মাতিবলৈ শিকিলে৷ সেই মাত শুনি সকলোৱেই বড়কৈ হৰ্ষ পালে আৰু প্ৰশংসাও কৰিলে; কিন্তু দ্বিতীয় টোএ কুসঙ্গত পড়ি কুমাত শিকিলত তাক শুনি সকলোৱেই বিৰক্ত হল৷

বিবেচনা কৰি চোৱাচোন্, একে বাহত একে চৰাইৰ পৰা ওপজা দুটা পোৱালি সঙ্গৰ দোষ গুণত কেনে ভিন ভিন অৱস্থা পালে? লৰা বিলাকৰো ঠিক ঠাক এনে গতি হয়৷ এতেকে হে

[ ১৭ ] প্ৰিয় লৰা বিলাক! তোমালোকে কেতিয়াও বেয়া লৰা বিলাকে সইতে নুফুৰিবা৷ সদাই সিহঁতৰ পৰা আঁতৰত থাকিবা৷

হাতী৷

চাই ঠেঙ্গীয়া যিমান জন্তু আছে সকলোতকৈ হাতী ডাঙ্গৰ৷ কোনো কোনো হাতী ন দহ হাত মান ওখ হয়৷ আমাৰ দেশত, আৰু আফ্ৰিকা নামেৰে এখন দেশ আছে, তাত তাৰ জনম হয়৷ হাতী প্ৰায়েই ধোঁৱা বৰণীয়া। ঠাইএ ঠাইএ বগা হাতীও পোৱা যায়৷ মান দেশৰ ৰজাই বগা হাতী পোহে৷

হাতীৰ চকু অতি সৰু, কাণ কুলাৰ নিচিনা বহল, ডিঙ্গি চুটি৷ হাতীএ শুঁড়েৰে খোৱা বস্তু তুলি লয় আৰু তাৰেই পুখুৰীৰ পৰা পানী লই মুখত ভৰায়৷ সি শুঁড়েৰে মাটিৰ পৰা অতি সৰু বস্তুকো তুলিব পাৰে৷

মতা হাতী বোবৰ বড় বড় দুটা দাত ওলায়৷ মানুহে তাৰে ফণী, পাশা আদি কৰি অনেক বস্তু সাজে৷ মাইকী হাতীৰ তেনেকুৱা বড় দাত ন হয়৷ তাই এটা এটা পোৱালি জন্মায়৷

[ ১৮ ]

হাতীৰ স্বভাব নিচেই নৰম৷ সি বড় বলী আৰু লগতে পোহ লয়৷ একুড়ি পাঁচোটা মানুহে যি বোজা নিব নোৱাৰে, সি তাকো সুগমে লই যাব পাৰে৷ হাতীৰ দ্বাৰা আমাৰ বহুত উপকাৰ হয়৷ সি ন হলে আমি হাবিয়নী বাটে দি যাব নোৱাৰোঁ৷

হাতীৰ বুধি অতি আচৰিত৷ তাক কোনেবাই হাহিলে বা প্ৰশংসিলে সি তাক বুজিব পাৰে আৰু ছল পালে তাৰ পোটক তোলে৷ সি বহু দিন লৈকে জীয়াই থাকে৷


সময় অমূল্য।

যি সময় এবেলি যায়, সেই সময় আকৌ উভতি নাহে৷ ঘৰ বাড়ী, কাপোৰ কানি, ধান চাউল আদি কৰি বস্তু বিলাক নষ্ট হলেও ধন দিলে আকৌ পোৱা যায়, কিন্তু পাচিয়ে পাচিয়ে ধন সলাইও যোৱা সময পুনৰ্ পোৱা নে যায়৷ এতেকে যি সময় পোৱা গইছে, তাৰ এদাড়ো মিছা কামত খেদোৱা উচিত ন হয়৷ যি লৰাই অলপ্ বয়সত সময়ৰ গুণ নুবুজি, খেল, দন্দ, আৰু

[ ১৯ ] মৰামৰি কৰি তাক বৃথাই নষ্ট কৰে, সি ডাঙ্গৰ হলে তাৰ গুণ বুজ পায়, আৰু তেতিয়া এই দৰে খেদ কৰে “হায়! ময় কেলেই অকাৰণে সময় খেদাইছিলোঁ৷ এতিয়া মোৰ দুৰ্গতিৰ শেষ নাই৷ সময় যে কি বস্তু তাক চিনিব পৰা হলে মোৰ এনে দুৰৱস্থা নহল হেতেন৷ আমুকে সময় নাশ নকৰা হেতুকে মাথোন এনেকুৱা চহকী হইছে আৰু সুখ পাইছে৷”

হে প্ৰিয় লৰাবিলাক! যদি তোমালোকে বিফলে সময় কটোৱা, তেন্তে পিছত বড়কৈ খেদ কৰিব লাগিব৷


ঘোড়া৷

ঘোড়া অতি উত্তম জন্তু৷ সি দেখিবলৈ চিকণ৷ সি বেগাই যাব পাৰে৷ মানুহতকৈ তাৰ বল সৰহ৷ সকলো ঘোড়াৰ আকৃতি আৰু বৰণ একে দৰৰ ন হয়৷ ঘোড়াৰ নেজ দীঘল, ডিঙ্গি বেঁকোৰা৷ গৰু, ম'হ আদি জন্তুৰ খুৰা যেনে দুফলীয়া তাৰ খুৰা তেনে ন হয়৷ সি এখুৰীয়া জন্তু৷

[ ২০ ]

বল থকা হেতুকে ঘোড়াৰ পৰা মানুহৰ অনেক উপকাৰ হয়৷ মানুহে তাৰ ওপৰত উঠি সুগমে অহা যোৱা কৰে৷ খোজকাঢ়ি যি ঠাইলৈ এদিনে যাব নোৱাৰি, ঘোড়াৰে গলে এবেলাতে সেই ঠাই পাই গই৷ মানুহে কেতবোৰ ঘোড়াৰে গাড়ী টনায়, কেত বোৰক ৰণলৈ নিবলৈ শিকায়৷ ঠাইএ ঠাইএ ঘোড়াৰে হালো বায়৷

পৃথিবীৰ প্ৰায় সকলো ঠাইত ঘোড়া পোৱা যায়৷ আৰব দেশত সকলোতকৈ ভাল ঘোড়া আছে বুলি কয়৷ সেই দেশর মানুহ বিলাকে কেতিয়াও ঘোড়াক নেমাৰে বা আন কোনো প্ৰকাৰ দুঃখ নিদিয়ে৷ ঘোড়া বোৰে কুকুৰৰ নিচিনা গৰাকীৰ পিছে পিছে ফুৰে আৰু নিলগ ঠাইৰ পৰা তেঁওৰ মাত শুনিবলৈ পালে ওচ্‌ৰলৈ আহে৷


পিতৃমাতৃৰ প্ৰতি ভক্তি৷

হে প্ৰিয় লৰা বিলাক! এই পৃথিবীতে তোমালোকৰ যি সকল মিত্ৰ আছে, সকলোতকৈ পিতৃ-মাতৃ মৰমীয়াল৷ তেওঁবিলাকতকৈ অধিক মৰমীয়াল কোন আছে? তোমালোকৰ পিতাৰাই [ ২১ ] ৰাতিপুৱাৰে পৰা গধূলিলৈকে বন কৰি তোমালোকক প্ৰবৰ্ত্তাবলৈ ধন আৰ্জে৷ তেঁও (লোক) তোমালোকক প্ৰতিপালন কৰিবলৈ যে বড়কৈ দুঃখ কৰে, তাক কেতিয়াও দুঃখ বুলি নে ভাবে৷ বৰং আপুনি নেখাই নিপিন্ধিও তোমালোকক ভালকৈ খুৱাব পিন্ধাব পাৰিলে সন্তোস হে পায়৷ কেনেকৈ তোমালোকে বিদ্যাৱন্ত জ্ঞানৱন্ত আৰু গুণৱন্ত হবা, তালৈ হে সদাই পুৰুষাৰ্থ কৰে৷ তোমালোকক পঢ়াশালীত পঢ়িবলৈ দি মাহিলি মাচুল আৰু কিতাপ আদি কিনিবলৈও ধন দিয়ে৷
তোমালোকৰ মাৰাই দহ মাহ গৰ্ভধৰি, বড়কৈ দুঃখ সহিও তোমালোকক জন্ম দিছে৷ যেতিয়া তোমালোকে নিচেই কেঁচুৱা আৰু ভেলেঙ্গা আছিলা, সহায় নোহোৱাকৈ থিয় হব বা আন একোকে কৰিব নোৱাৰিছিলা তেতিয়া তোমালোকৰ মাৰাইহে তোমালোকক কোলাত লই ফুৰিছিল, তোমালোকৰ ভোকৰ বেলিত পিয়াহ দি ভোক গুছাইছিল, তোমালোকে কান্দিব ধৰিলে আদৰেৰে চুমা খাই নচুৱাই নচুৱাই নিচুকাইছিল, তোমালোকৰ কোনো নৰিয়া হলে ৰোগীৰ নিচি [ ২২ ] নাকৈ আপুনিও চলিছিল৷ এতিয়াও তেওঁলোকেহে তোমালোকক মৰম আৰু যতনেৰে প্ৰতিপাল কৰিব লাগিছে৷

তোমালোকে এতিয়া গমি চোৱাচোন্ ওপজা দিনৰে পৰা তোমালোকৰ হিতৰ নিমিত্তে ইমান দুঃখ আৰু যতন আন কোনে কৰে? তোমালোকে এনেকুৱা মৰমীয়াল পিতৃমাতৃৰ মৰম আৰু দুঃখৰ সলনি আজিলৈকে কি কৰিছা? যদি তেওঁলোকৰ ধাৰ শুজিবলৈ ইচ্ছা কৰা, তেন্তে তোমালোকে সদাই তেঁও বিলাকৰ আজ্ঞা পালি আৰু ভালকৈ লেখাপঢ়া শিকি, তেঁও বিলাকক সন্তুষ্ট কৰা৷

পিতৃমাতৃএ যি আজ্ঞা কৰে, যদি তালৈ আওকাণ কৰা আৰু বিদ্যা শিকিবলৈকো হেলা কৰা, তেন্তে তেঁও বিলাকে নিশ্চয়কৈ মনত বড় বেজাৰ পাব৷ আৰু যেতিয়া তেঁও বিলাকে বুঢ়া হই বন কৰিবলৈ নোৱাৰা হব, তেতিয়া যদি তোমালোকে প্ৰতিপাল নকৰা তেনে হলে বড় কৃতঘ্ন হবা৷


ইতি৷

[ ২৩ ] [ ২৪ ]

জাননী৷


লৰাপাঠ প্ৰথম ভাগত অসংযোগী আখৰ চিনিবৰ উপায় মাথোন দেখুৱা হইছে৷ সংযুক্ত বৰ্ণজ্ঞানৰ নিমিত্তে এই দ্বিতীয় ভাগ ৰচনা কৰি নগাঁও টেক্‌ষ্টবুক কমিটিলৈ পঠিয়াই দিওঁ৷ কমিটীযে, লৰাবিলাকৰ পাঠোপযোগী হইছে বুলি অভিমতি প্ৰকাশ কৰাত ইয়াক মুদ্ৰিত কৰা হল৷ এতিয়া ইয়াৰ পৰা লৰাবিলাকৰ উপকাৰ হলেই পৰিশ্ৰম সফল জ্ঞান কৰিম৷ ইতি৷

গুৱাহাটী৷
২২শে মে, ১৮৮৫৷
শ্ৰীজয়চন্দ্ৰ চক্ৰবৰ্ত্তী৷

OPINION OF THE NOWGONG TEXTBOOK COMMITTEE

Larapath by Joy Chandra Chakravarti.

The work on the whole appears to be useful to beginners—It is in imitation of Madan Mohan Talalankar’s infant teacher in Bengali.

1 3 85 ( Sd ) NANDESHWAR PHUKAN
BOLY N. BARA
GUNABHIRAM BARUAH.

-x-x-x- গবৰ্ণমেণ্ট সিকিউৰিটী লাইফ ইন্‌সিওনে্‌স কোম্পানী লিমিটেড্‌৷

জীবন বীমা সম্বন্ধীয় যাবতীয় বিবৰণ ও নিয়মাবলী নিম্ন স্বাক্ষৰকাৰীৰ নিকট প্ৰাপ্তব্য৷

শ্ৰীনিশিকুমাৰ ঘোষ৷
এজেণ্ট-গৌহাটী৷