পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ২১ ]

ৰাতিপুৱাৰে পৰা গধূলিলৈকে বন কৰি তোমালোকক প্ৰবৰ্ত্তাবলৈ ধন আৰ্জে৷ তেঁও (লোক) তোমালোকক প্ৰতিপালন কৰিবলৈ যে বড়কৈ দুঃখ কৰে, তাক কেতিয়াও দুঃখ বুলি নে ভাবে৷ বৰং আপুনি নেখাই নিপিন্ধিও তোমালোকক ভালকৈ খুৱাব পিন্ধাব পাৰিলে সন্তোস হে পায়৷ কেনেকৈ তোমালোকে বিদ্যাৱন্ত জ্ঞানৱন্ত আৰু গুণৱন্ত হবা, তালৈ হে সদাই পুৰুষাৰ্থ কৰে৷ তোমালোকক পঢ়াশালীত পঢ়িবলৈ দি মাহিলি মাচুল আৰু কিতাপ আদি কিনিবলৈও ধন দিয়ে৷

তোমালোকৰ মাৰাই দহ মাহ গৰ্ভধৰি, বড়কৈ দুঃখ সহিও তোমালোকক জন্ম দিছে৷ যেতিয়া তোমালোকে নিচেই কেঁচুৱা আৰু ভেলেঙ্গা আছিলা, সহায় নোহোৱাকৈ থিয় হব বা আন একোকে কৰিব নোৱাৰিছিলা তেতিয়া তোমালোকৰ মাৰাইহে তোমালোকক কোলাত লই ফুৰিছিল, তোমালোকৰ ভোকৰ বেলিত পিয়াহ দি ভোক গুছাইছিল, তোমালোকে কান্দিব ধৰিলে আদৰেৰে চুমা খাই নচুৱাই নচুৱাই নিচুকাইছিল, তোমালোকৰ কোনো নৰিয়া হলে ৰোগীৰ নিচি