পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৩ ]

পোন্ধৰ তিথি৷

প্ৰতিপদ৷ দ্বিতীয়া৷ তৃতীয়া৷ চতুৰ্থী৷ পঞ্চমী৷ ষষ্ঠী৷ সপ্তমী৷ অষ্টমী৷ নবমী৷ দশমী৷ একাদশী৷ দ্বাদশী৷ ত্ৰয়োদশী৷ চতুৰ্দ্দশী৷ পূৰ্ণিমা বা অমাবস্যা৷

দুই পক্ষ৷

শুক্ল আৰু কৃষ্ণ৷ যেতিয়া লাহে লাহে জোন বাঢ়িবলৈ ধৰে তেতিয়া শুক্ল পক্ষ, আৰু যেতিয়া কমিব ধৰে তেতিয়া কৃষ্ণপক্ষ বোলা যায়৷ এটা এটা পক্ষত পোন্ধৰ দিন৷ এতেকে দুই পক্ষত এমাহ হয়৷ বাৰ মাহে এবছৰ৷


পৰিশ্ৰম৷

পৰিশ্ৰম সকলো সুখৰ মূল৷ পৰিশ্ৰম ন কৰাকৈ কোনে বিদ্যাবন্ত, জ্ঞানৱন্ত আৰু ধনৱন্ত হব পাৰে? পৰিশ্ৰম ন কৰাকৈ লৰাবিলাকে বিদ্যালাভ কৰিব আৰু ডাঙ্গৰ হই ধন আৰ্জিব নোৱাৰে৷ ক্ষেতিয়ক বোৰে যি ক্ষেতি, আৰু বেপাৰী বোৰে যি বেপাৰ কৰে, শ্ৰমত বাজে সেই সকল সিদ্ধি ন হয়৷ ৰ'দ বতাহ আদি কৰি কেত