এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১ ]
| স্প | স্পষ্টকৈ কথা কবা৷ |
| ষ্প | পলাশ পুষ্পৰ গোন্ধ নাই৷ |
| স্ফ | যৌৱন প্ৰস্ফুটিত ফুলৰ নিচিনা৷ |
| ষ্ফ | মূৰ্খ মানুহৰ জনম নিষ্ফল৷ |
| দ্ব | দুঃখত যি উদ্বিগ্ন ন হয় সেই এই মহৎ৷ |
| দ্ভ | সকলোৰে সইতে সদ্ভাব ৰাখিবা৷ |
| ল্ক | ল্গ | ল্প | গ্দ | গ্ধ | দ্ধ | ড়্গ | ক্ত | প্ত। |
| ল্ক | মাছৰ বাকলিক শল্ক কোৱা যায়৷ |
| ল্গ | ফাল্গুন মাহত জাৰ লাহে লাহে কমি আহে৷ |
| ল্প | নিতৌ অল্প অল্পকৈ পঢ়িলেও বহুত পঢ়া হয়৷ |
| গ্দ | কাকো কোনো বস্তু দিম বুলি বাগ্দান কৰি পিছত নিৰাশ ন কৰিবা৷ |
| গ্ধ | খলুৱা মানুহৰ কথাত মুগ্ধ ন হবা৷ |
| দ্ধ | সদাই শুদ্ধ মনেৰে থাকিবা৷ |
| ড়্গ | গঁড়ৰ নাকৰ ওপর পিনে এটা খড়্গ ওলায়৷ |
| ক্ত | ভক্তি ন হলে মুক্তি ন হয়৷ |
| প্ত | সোৱাদ বস্তু খালে জিহ্বাৰ তৃপ্তি হয়৷ |