পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৮ ]

হাতীৰ স্বভাব নিচেই নৰম৷ সি বড় বলী আৰু লগতে পোহ লয়৷ একুড়ি পাঁচোটা মানুহে যি বোজা নিব নোৱাৰে, সি তাকো সুগমে লই যাব পাৰে৷ হাতীৰ দ্বাৰা আমাৰ বহুত উপকাৰ হয়৷ সি ন হলে আমি হাবিয়নী বাটে দি যাব নোৱাৰোঁ৷

হাতীৰ বুধি অতি আচৰিত৷ তাক কোনেবাই হাহিলে বা প্ৰশংসিলে সি তাক বুজিব পাৰে আৰু ছল পালে তাৰ পোটক তোলে৷ সি বহু দিন লৈকে জীয়াই থাকে৷


সময় অমূল্য।

যি সময় এবেলি যায়, সেই সময় আকৌ উভতি নাহে৷ ঘৰ বাড়ী, কাপোৰ কানি, ধান চাউল আদি কৰি বস্তু বিলাক নষ্ট হলেও ধন দিলে আকৌ পোৱা যায়, কিন্তু পাচিয়ে পাচিয়ে ধন সলাইও যোৱা সময পুনৰ্ পোৱা নে যায়৷ এতেকে যি সময় পোৱা গইছে, তাৰ এদাড়ো মিছা কামত খেদোৱা উচিত ন হয়৷ যি লৰাই অলপ্ বয়সত সময়ৰ গুণ নুবুজি, খেল, দন্দ, আৰু