পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ২০ ]

বল থকা হেতুকে ঘোড়াৰ পৰা মানুহৰ অনেক উপকাৰ হয়৷ মানুহে তাৰ ওপৰত উঠি সুগমে অহা যোৱা কৰে৷ খোজকাঢ়ি যি ঠাইলৈ এদিনে যাব নোৱাৰি, ঘোড়াৰে গলে এবেলাতে সেই ঠাই পাই গই৷ মানুহে কেতবোৰ ঘোড়াৰে গাড়ী টনায়, কেত বোৰক ৰণলৈ নিবলৈ শিকায়৷ ঠাইএ ঠাইএ ঘোড়াৰে হালো বায়৷

পৃথিবীৰ প্ৰায় সকলো ঠাইত ঘোড়া পোৱা যায়৷ আৰব দেশত সকলোতকৈ ভাল ঘোড়া আছে বুলি কয়৷ সেই দেশর মানুহ বিলাকে কেতিয়াও ঘোড়াক নেমাৰে বা আন কোনো প্ৰকাৰ দুঃখ নিদিয়ে৷ ঘোড়া বোৰে কুকুৰৰ নিচিনা গৰাকীৰ পিছে পিছে ফুৰে আৰু নিলগ ঠাইৰ পৰা তেঁওৰ মাত শুনিবলৈ পালে ওচ্‌ৰলৈ আহে৷


পিতৃমাতৃৰ প্ৰতি ভক্তি৷

হে প্ৰিয় লৰা বিলাক! এই পৃথিবীতে তোমালোকৰ যি সকল মিত্ৰ আছে, সকলোতকৈ পিতৃ-মাতৃ মৰমীয়াল৷ তেওঁবিলাকতকৈ অধিক মৰমীয়াল কোন আছে? তোমালোকৰ পিতাৰাই