এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৯ ]
| ঞ্জ | বুৰঞ্জী পঢ়িলে আগৰ কালৰ কথা বিলাক জানিব পাৰি৷ |
| ণ্ট | শত্ৰুৰ নিচিনা কণ্টক নাই৷ |
| ণ্ঠ | কণ্ঠৰ পৰা ধ্বনি ওলায়৷ |
| ণ্ড | পণ্ডিত বিলাকে সকলো ঠাইত মান পায়৷ |
| ণ্ণ | সদাই বিষণ্ণ মনেৰে থকা ভাল ন হয়৷ |
| ন্ত | ঈশ্বৰে অনন্ত সুখ দিয়ে৷ |
| ন্থ | কুপন্থলৈ খোজ না কাঢ়িবা। |
| ন্দ | আনক নিন্দা কৰা অযুগুত৷ |
| ন্ধ | গান্ধি পোকে ধান হানি কৰে৷ |
| ন্ন | আপোন দেশৰ উন্নতি দেখি কোনোৱে সন্তোষ নেপায়? |
| ম্প | লোকৰ সম্পত্তিলৈ লোভ ন কৰিবা৷ |
| ম্ফ | কোনেও লম্ফ দি (ডেও মাৰি) গছৰ আগত উঠিব নোৱাৰে৷ |
| ম্ব | সম্বল নো লোৱাকৈ প্ৰবাসলৈ নে যাবা৷ |
| ম্ভ | কলক ৰম্ভা বোলা যায়৷ |
| ন্ম | সন্মতি নো লোৱাকৈ কাৰো এডালি তৃণো নুছুবা৷ |