এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১২ ]
জ্জ্ব | ত্ত্ব | ৰ্দ্ধ্ব | ন্ত্ৰ | ন্ত্ব | ন্দ্ব | ম্ভ্ৰ | ষ্ট্ৰ | ষ্ক্ৰ |
ষ্প্ৰ | স্ত্ৰ |
জ্জ্ব | জ্ঞানীৰ চিত্ত সদাই উজ্জ্বল৷ |
ত্ত্ব | আশ্ৰিত মানুহৰ তত্ত্ব লবা৷ |
ৰ্দ্ধ্ব | মানুহে নিজ নিজ কাম অনুসৰি উৰ্দ্ধ্ব বা অধলৈ যায়৷ |
ন্ত্ৰ | শকুনি আৰু কৰ্ণ কুৰু কুলৰ কুমন্ত্ৰী আছিল৷ |
ন্ত্ব | দুখীয়াক সান্ত্বনা কৰিবা৷ |
ন্দ্ব | দ্বন্দ্ব কৰা ভাল ন হয়৷ |
ম্ভ্ৰ | মুৰ্খক কোনে সম্ভ্ৰম কৰে? |
ষ্ট্ৰ | ধৃতৰাষ্ট্ৰ ৰজা ওপজাৰে পৰা অন্ধ আছিল৷ |
ষ্ক্ৰ | দুষ্ক্ৰিয়াত মন নি দিবা৷ |
ষ্প্ৰ | দুষ্প্ৰবৃত্তিক সমূলি দূৰ কৰিবা৷ |
স্ত্ৰ | শাস্ত্ৰ পঢ়িলে নানা কথা জনা যায়৷ |
দহ দিক্৷
পূৰ্ব্ব৷ পশ্চিম৷ উত্তৰ৷ দক্ষিণ৷ ঈশান৷ অগ্নি৷ নৈৰ্ঋত৷ বায়ু৷ উৰ্দ্ধ্ব৷ অধঃ৷
সাত বাৰ৷
দেৱ৷ সোম৷ মঙ্গল৷ বুধ৷ বৃহস্পতি৷ শুক্ৰ৷ শনি৷