এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬ ]
ম ফলা৷
| ক্ম | গ্ম | ণ্ম | ত্ম | দ্ম | ন্ম | ল্ম | শ্ম | ষ্ম | স্ম |
| হ্ম, হ্ম | ক্ষ্ম। |
| ক্ম | ৰুক্মিণী বড় গুণৱতী আছিল৷ |
| গ্ম | এযোড়ক যুগ্ম বোলে৷ |
| ণ্ম | মৃণ্ময় পাত্ৰৰ পানী বড় শীতল৷ |
| ত্ম | অত্মঘাতী হোৱা মহাপাপ৷ |
| দ্ম | পদ্ম ফুল অতি মনোহৰ৷ |
| ন্ম | সাধু মানুহৰ হে জন্ম সফল৷ |
| ল্ম | শাল্মলি গছৰ কলাৰ পৰা তুলা হয়৷ |
| শ্ম | কাশ্মীৰী শালেই অতি উত্তম৷ |
| ষ্ম | গ্ৰীষ্মকালত চেচা ঠাইত থাকিবলৈ ইচ্ছা হয়৷ |
| স্ম | অকস্মাৎ কোনো কাম কৰিব নেপায়৷ |
| হ্ম | ব্ৰহ্মপুত্ৰ নৈ অসম দেশে দি বই গইছে৷ |
| ক্ষ্ম | ৰামে সীতা আৰু লক্ষ্মণেৰে সইতে বনলৈ গইছিল৷ |
ৰেফ্৷
| ৰ্ক | ৰ্খ | ৰ্গ | ৰ্ঘ | ৰ্চ, ৰ্চ্চ | ৰ্ছ, ৰ্চ্ছ | ৰ্জ | ৰ্ঝ | ৰ্ণ |