পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৯ ]

মৰামৰি কৰি তাক বৃথাই নষ্ট কৰে, সি ডাঙ্গৰ হলে তাৰ গুণ বুজ পায়, আৰু তেতিয়া এই দৰে খেদ কৰে “হায়! ময় কেলেই অকাৰণে সময় খেদাইছিলোঁ৷ এতিয়া মোৰ দুৰ্গতিৰ শেষ নাই৷ সময় যে কি বস্তু তাক চিনিব পৰা হলে মোৰ এনে দুৰৱস্থা নহল হেতেন৷ আমুকে সময় নাশ নকৰা হেতুকে মাথোন এনেকুৱা চহকী হইছে আৰু সুখ পাইছে৷”

হে প্ৰিয় লৰাবিলাক! যদি তোমালোকে বিফলে সময় কটোৱা, তেন্তে পিছত বড়কৈ খেদ কৰিব লাগিব৷


ঘোড়া৷

ঘোড়া অতি উত্তম জন্তু৷ সি দেখিবলৈ চিকণ৷ সি বেগাই যাব পাৰে৷ মানুহতকৈ তাৰ বল সৰহ৷ সকলো ঘোড়াৰ আকৃতি আৰু বৰণ একে দৰৰ ন হয়৷ ঘোড়াৰ নেজ দীঘল, ডিঙ্গি বেঁকোৰা৷ গৰু, ম'হ আদি জন্তুৰ খুৰা যেনে দুফলীয়া তাৰ খুৰা তেনে ন হয়৷ সি এখুৰীয়া জন্তু৷