এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৰাপাঠ।
দ্বিতীয় ভাগ।
সংযোগী আখৰ।
য ফলা।
| ক্য | খ্য | গ্য | চ্য | জ্য | ট্য | ঠ্য |
| ঢ্য | ণ্য | ত্য | থ্য | দ্য | ধ্য | ন্য |
| প্য | ভ্য | ম্য | য্য | ল্য | ব্য | শ্য |
| ষ্য | স্য | হ্য | ক্ষ্য। |
| ক্য | কুবাক্য কোৱা অযুগুত। |
| খ্য | ভাল কাম ন কৰাকৈ কোনে বিখ্যাত হব পাৰে? |
| গ্য | কাৰো সৌভাগ্য সদাই একে দৰে নে থাকে। |
| চ্য | বেয়া বিষয় কেতিয়াও আলোচ্য ন হয়। |
| জ্য | বাণিজ্যেই মাথোন ধন পোৱাৰ ঘাই উপায়। |
| ট্য | নাচ ঘৰক নাট্যশালা বুলি কয়। |
| ঠ্য | শিক্ষাসাৰ পুথি লৰা বিলাকৰ পাঠ্য। |