পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২২ ]

নাকৈ আপুনিও চলিছিল৷ এতিয়াও তেওঁলোকেহে তোমালোকক মৰম আৰু যতনেৰে প্ৰতিপাল কৰিব লাগিছে৷

তোমালোকে এতিয়া গমি চোৱাচোন্ ওপজা দিনৰে পৰা তোমালোকৰ হিতৰ নিমিত্তে ইমান দুঃখ আৰু যতন আন কোনে কৰে? তোমালোকে এনেকুৱা মৰমীয়াল পিতৃমাতৃৰ মৰম আৰু দুঃখৰ সলনি আজিলৈকে কি কৰিছা? যদি তেওঁলোকৰ ধাৰ শুজিবলৈ ইচ্ছা কৰা, তেন্তে তোমালোকে সদাই তেঁও বিলাকৰ আজ্ঞা পালি আৰু ভালকৈ লেখাপঢ়া শিকি, তেঁও বিলাকক সন্তুষ্ট কৰা৷

পিতৃমাতৃএ যি আজ্ঞা কৰে, যদি তালৈ আওকাণ কৰা আৰু বিদ্যা শিকিবলৈকো হেলা কৰা, তেন্তে তেঁও বিলাকে নিশ্চয়কৈ মনত বড় বেজাৰ পাব৷ আৰু যেতিয়া তেঁও বিলাকে বুঢ়া হই বন কৰিবলৈ নোৱাৰা হব, তেতিয়া যদি তোমালোকে প্ৰতিপাল নকৰা তেনে হলে বড় কৃতঘ্ন হবা৷


ইতি৷