পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৫ ]

মেকুৰী৷

মেকুৰি বোৰ মানুহৰ বড় উপকাৰী৷ সিহঁতে নিগনি বোৰ ধৰি খায়৷ সিহঁতৰ নখ বোৰ বেঁকা আৰু জোঙ্গাল৷ যেতিয়া মানুহে মৰম কৰি সিহঁতক কোলাত লয়, তেতিয়া নখ বোৰ কেঁচাই থয়।

মেকুৰি বিলাকে একে বেলি এই চাৰি পাঁচটাকৈও পোৱালি জগায়৷ ওপজাৰ পাছত পোৱালিবোৰৰ চকু কেইবা দিনলৈকে মুদ গই থাকে৷

মেকুৰি বিলাকে কোনো জন্তু ধৰিবৰ আগেযে চোপ লই থাকে৷ পিছে লখ কৰি তাৰ ওপৰত জঁপিয়াই পড়ে৷ জন্তুটো মাৰিবৰ আগেয়ে নানা বিধ যাতনা দিয়ে৷ এবেলি এড়ি দিয়ে আকৌ ধৰে, আকৌ এড়ি দিয়ে আকৌ ধৰে৷ এনেকৈ ধেমালি কৰি পিছে তাক মাৰে৷

মেকুৰি বিলাকে আন্ধাৰত ভালকৈ দেখিবলৈ পায়৷ আন্ধাৰ ৰাতি সিহঁতৰ চকুৰ মণি জিলেকে৷ সিহঁতে ভাত আদি কৰি যিযি বস্তু খায়, সকলোতকৈ মাছ মঙ্‌হকেই বড় ভাল পায়৷ সিহঁতে ঔষধৰ বাবে কেতিয়াবা ঘাঁহো খায়৷