এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪ ]
ল ফলা।
| ক্ল | গ্ল | প্ল | ম্ল | শ্ল | হ্ল। |
| ক্ল | পাপী মানুহৰ ক্লেশৰ সীমা নাই। |
| গ্ল | হুগ্লী নামেৰে এখন জিলা আছে। |
| প্ল | ভেঁকুলিৰ প্লুত গতি। |
| ম্ল | ম্লান মুখ হই নে থাকিবা। |
| ল্ল | সাধু বিলাক সদাই প্ৰফুল্ল থাকে। |
| শ্ল | সকলোৱেই শ্লোক আওড়াবলৈ ভাল পায়। |
| হ্ল | প্ৰহ্লাদৰ নিচিনা ভকত কোনেও না ছিল। |
ব ফলা।
| ক্ব | গ্ব | জ্ব | ত্ব | থ্ব | দ্ব | ধ্ব | ন্ব | ল্ব | শ্ব | স্ব |
| হ্ব | ক্ষ্ব। |
| ক্ক | চাগু নিচেই লঘু পক্ক। |
| গ্ব | এতিয়া ৰজা বিলাকে দিগ্বিজয়লৈ নোলায়। |
| জ্ব | জ্বৰ হলে দৈ খোৱা অযুগুত। |
| ত্ব | যি আনৰ দাসত্ব কৰে তাৰ সদাই অসুখ। |
| থ্ব | পৃথিবীক পৃথ্বীও বোলে। |
| দ্ব | চাৰিও ফালে পানী থকা ঠাইক দ্বীপ বোলা যায়। |