এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০ ]
স্ক | ষ্ক | স্খ | দ্গ | দ্ঘ | শ্চ | শ্ছ | ব্জ | জ্ঞ |
ষ্ট | ষ্ঠ | ষ্ণ | স্ত | স্থ | ব্দ | ব্ধ | স্প | ষ্প |
স্ফ | ষ্ফ | দ্ব | দ্ভ |
স্ক | মান্য জনক নমস্কাৰ কৰিবা৷ |
ষ্ক | অপৰিষ্কৃত ঘৰত থকা অযুগুত৷ |
স্খ | কেতিয়া বা হাতীৰো পদ স্খলন হয়৷ |
দ্গ | সদ্গুণে মানুহক শোভা কৰে৷ |
দ্ঘ | আনৰ দোষ উদ্ঘাটন কৰা ভাল ন হয়৷ |
শ্চ | নিশ্চয় নে জানি কোনো কথা ন কবা৷ |
শ্ছ | মানী মানুহে অপমানক শিৰশ্ছেদনৰ নিচিনা ভাবে৷ |
ব্জ | পদ্ম ফুলৰ এটা নাম অব্জ৷ |
জ্ঞ | কাকো অৱজ্ঞা ন কৰিবা৷ |
ষ্ট | দুষ্ট মানুহক কোনেও ভাল নে পায়৷ |
ষ্ঠ | কাৰো প্ৰতি নিষ্ঠুৰ ন হবা৷ |
ষ্ণ | কৃষ্ণ পক্ষৰ জোন লাহে লাহে কমি যায়৷ |
স্ত | নাস্তিকক ভয় কৰিবা৷ |
স্থ | আপোন অৱস্থালৈ চাই দান কৰা উচিত৷ |
ব্দ | একশ বছৰ পূৰ হলে এক শতাব্দী হয়। |
ব্ধ | আবদ্ধ কাম শেষ ন কৰাকৈ নেড়িবা৷ |