পৃষ্ঠা:অসমীয়া লৰাপাঠ দ্বিতীয় ভাগ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৪ ]

বোৰ বস্তু, যাৰ সকলোৱে সমান গৰাকী, তাত বাজে আন সকলো বস্তু শ্ৰমেৰে হে পোৱা যায়৷

যি মানুহে যিমান শ্ৰম কৰে, সি তিমান বিদ্যা, জ্ঞান, ধন, আৰু সুখ পায়৷ ইংৰাজ বিলাকে যে ইমান বিদ্যাৱন্ত, জ্ঞানৱন্ত, চহকী আৰু সুখীয়া হইছে, পৰিশ্ৰম মাথোঁন তাৰ ঘাই কাৰণ৷

শ্ৰম ন কৰা হেতুকে নগা, ডফলা, খাম্‌তি আদি কৰি পৰ্বতীয়া মানুহ বিলাকে ভাল খাবলৈ পিন্ধিবলৈ আৰু ভাল ঘৰত থাকিবলৈ নে পায়৷ সিহঁতে ফল, মূল, নিসিজা মঙ্‌হ আদি খাই যেন তেনকৈ দিন কটায়৷ সিহঁতৰ দুঃখৰ সীমা নাই; কিন্তু জ্ঞান নথকা হেতুকে সেই সকল দুঃখক এবৈচাও দুঃখ বুলি নে ভাবে৷ বুজিব পৰা হলে শ্ৰম কৰি সিহঁতৰ অৱস্থা ভাল কৰিলে হেতেন৷

হে মোৰ প্ৰিয় লৰা বিলাক! তোমা লোকে এতিয়াৰে পৰা শ্ৰম কৰি বিদ্যা আৰ্জিব পোৱা তেনে হলে ডাঙ্গৰ হই ধন আৰ্জিব পাৰিবা আৰু বড় সুখীয়া হবা৷