হেবাং বেঙৰ আংবাং কবিতা
হেবাং বেঙৰ আংবাং কবিতা
(শিশু পদ্য)
‘চিনাকি’
জোনাকপুৰ, গুৱাহাটী-১৬
নীলিমা বৰা
দূৰভাষ : ৯৮৫৯২৩৬০৬৭
Hebang Bengar Ang Bang Kabita: A Child Poeatry Book written by noted writer
Nilima Bora, Rupnagar, Guwahati.
প্ৰকাশক:
যুগল কিশোৰ শইকীয়া
এঞ্জেলিকা পাব্লিকেশ্যনছ
ভঙাগড়, গুৱাহাটী-৫
প্ৰথম প্ৰকাশ:
প্ৰকাশকাল
অক্টোবৰ ২০১৩
© লিখকৰ দ্বাৰা সৰ্বস্বত্ত্ব সংৰক্ষিত
বেটুপাট:
মানস চেম বৰা
মুদ্ৰণ:
এঞ্জেলিকা ইমপ্ৰিন্ট
ভঙাগড়, গুৱাহাটী-৫
মূল্য: ৩০/- (ত্ৰিশ টকা)
[ এষাৰ ] এষাৰ.…......
‘হেবাং বেঙৰ আংবাং কবিতা’ পুথিখন বিভিন্ন বাতৰি কাকত,
শিশু আলোচনীত প্ৰকাশ হোৱা পদ্যবোৰৰ পৰা কেইটামান বুটলি
অনা হ'ল। ভিতৰৰ ছবিবোৰো অপৈণত হাতেৰে নিজে অঁকা হ'ল৷
পদ্যখিনি পুথি আকাৰে প্ৰকাশ কৰাৰ দায়িত্ব লোৱা বাবে
এঞ্জেলিকা ইমপ্ৰিণ্টৰ স্বতাধিকাৰী শ্ৰীযুগল কিশোৰ শইকীয়ালৈ
ধন্যবাদ থাকিল। যতনেৰে বেটুপাতটি সজাই পৰাই তোলাৰ বাবে
মোৰ পুত্ৰ শ্ৰীমান মানস চেম বৰালৈ স্নেহাশীষ থাকিল৷ প্ৰেছৰ
সমূহ কৰ্মকৰ্তাসকললৈয়ো ধন্যবাদ থাকিল।
শিশুসকলে পঢ়ি মনত ৰং পালেই মোৰ মনে সন্তোষ পাব৷
লেখিকা
হেবাং বেঙৰ
আং বাং কবিতা
আছিল এটি বৰ হেবাং
আপোন ভোলা বেং
একো কাম নহয় সমাধা
লাগেই দেখোন জেং।
হেবাঙৰ মন গ'ল
কবিতা লিখিবৰ
কাগজ কলম লই
কৰিলে খৰধৰ।
বৰ বিলৰ পাৰত
বহিল লেপেতা কাঢ়ি
তাকে দেখি মাছৰ বেঙী
আহিল ভেদেঙী।
হাতত কলম লই
বেঙ সাজু হ’ল
মুখ মেলি ভেদেঙী
বহি চাই ৰ'ল।
দিন ৰাতি আকাশ আৰু
জোন তৰা বেলি
কাক এৰি কাক লিখেনো
হ’ল খেলি মেলি।
বতাহকে লিখো বুলি
হেবাং সাজু হ’ল।
লগত বৰষুণ দেখি
কলম হাততে ৰ’ল।
গছ লতা ফুল পানী
চৰাই চিৰিকতি
সোপাই মূৰত আহি
কৰিলে দুৰ্গতি।
খৰধৰ খৰ পচ
আঁকি বাকি গ'ল
তথা লাগি ভেদেঙীয়ে
তাকে চাই ৰ’ল।
বোলে, বেঙকাই
কিনো আঁক বাক?
বেঙে মিচিকাই
বোলে চাই থাক।
ভেদেঙীয়ে ক’লে, মিছায়
আকাশত পাতিছা চাং।
একোকে নুবুজিলো মই
দেখোন কিবা আংবাং।
বেঙে বেঙা মেলি
হাঁহি হাঁহি কলে
বুজিবি এদিন
তই ডাঙৰ হ’লে।
পঁইতা চোৰাৰ মেল
মাজনিশা ঘৰৰ মজিয়াত
পঁইতাচোৰা জাকে
নাচিবাগি খেলি ধুলি
পিতপিতাই ফুৰে।
পিছে আহিল দুখৰ দিন
খাবলৈ একো নাই
চিক্চিকিয়াকৈ মজিয়া জিলিকে
আজিকালি হায়।
এদিন নিশা গোটেই মখা
চাফা মজিয়াত বহি
সভাত বহিল সকলো আহিল
বুঢ়াও কাহি কাহি।
ডেকা মখাই খিঙখিঙাই
চিঞৰি চিঞৰি ক'লে
নেথাকো ইয়াত কৃপনৰ তাত
ব’ল ব’ল কৰবালে।
খুদ এটি নাই চব ঢাকি যায়
শুবলৈ গ'লে ভাই
কিমাননো খাঁও শুঙিহে চাঁও
তাকেছোন বুজি নেপায়।
এটাই বোলে অকল সেয়েনে
আমাক মাৰো বুলি
কতনো বিহ উঃ উঃ উঃ
সৌৱা চা বটল খুলি!!
কতমখা গ'ল স্বৰ্গগামী হ’ল
মানুহবোৰ চতুৰ হ’ল
ক’ত থাকো ক’ত শোঁও
সকলোবোৰ জনা হ'ল।
নোৱাৰো থাকিব সকলো সহিব
সাজু হ’বৰ হ’ল
কিমান থাকিম লুকাই লুকাই
ব’ল হঁক ব’ল ব’ল।
তাকে শুনি বুঢ়াই বহি
কাহি খুক্ খুক্
চকু ৰঙা গাঁও বুঢ়া
বোলে, চুপ চুপ।
কেতিয়াৰ পৰা হলি পলৰীয়া
মৰণলৈ ইমান ভয়,
অজৰ অমৰ আমাৰ বংশ
ইতিহাসে সদায় কয়৷
যুগ যুগ ধৰি আছো ধৰি
বংশৰ নাতিপুতি
য’তে থাকো গাঁও পাতো
যি খাওঁ তাতে জুতি।
কিমান মাৰিব ভাগৰি পৰিব
আমাৰে হব জয়;
হবি সিয়ান সদায় সাৱধান।
নকৰিবি মানুহলৈ ভয়।
পূজাৰ বতৰত
শিয়ালী জীয়েকৰ ইননি বিননি
জ্বৰতো নেৰা হ’ল
লগৰ সমনীয়া এতিয়া ছাগৈ
পূজা চাবলৈ গ'ল ৷
উচুপি উচুপি মাকক ক'লে
নেথাকো ঘৰত মই
মন গৈছে পূজা চাবলৈ
নিবিনে মোক তই?
আতৌ পুতৌকৈ শিয়ালীয়ে ক'লে
য’ক যি যলৈ গ'ল।
শুনছোন আই পূজালৈ গ'ই
কওঁ, কাৰ কি হ’ল !
কোলাত বহুৱাই নিচুকাই নিচুকাই
শিয়ালীয়ে কৈ গ'ল কথা
পূজা বতৰত সেই মখাৰ
লাগিল কত লেঠা।
পেক্ পেক্কৈ পোৱালি জাকে
বাপেকক গৈ ক’লে
ব’ল পিতাই লৈ যা আমাক
পূজা দেখুৱাবলৈ ৷
বাপেকে বোলে পোনাহঁত
যাবি কেনেকৈ
আমাক পাখি ঈশ্বৰে দিলে
মাথো দেখুৱাবলৈ।
পোনাহঁতে ক’লে উৰিব নোৱাৰো
যাম উৰাজাহাজত
চাম এবাৰ উৰি গ’লে
কেনে লাগে আকাশত।
যাচোন যা কিনি আন
উৰা জাহাজ এখন
ঘৈনীয়েকে হাঁহি ক'লে
পাৰিলে আনিব দুখন।
হাঁহ গ’ল খৰধৰকৈ
উৰাজাহাজ ক’ত পায়;
উফৰি পৰিল বেচেৰা ভগা
দলঙত উজুটি খায়।
শগুণ আছিল শ’ খাই
শুকান পুখুৰীত
হাঁহ গৈ পৰিলগৈ
শগুনৰ পিঠিত।
‘কিঔ’বুলি উচপ খাই
শগুণ গ’ল উৰি
পাতি হাঁহ পেট পেলাই
পিঠিত থাকিল পৰি।
হাঁহে ভাবিলে সেই খনেই
উৰা জাহাজ বুলি
উৰি আছোনে ইয়াতেই
উৰাজাহাজত উঠি?
মূৰ ঘূৰণিত নেপায় তত্
মাৰি দিলে চিঞৰ;
শগুণে বোলে কিহে পালে
ইয়াক কৰো আঁতৰ।
আচাৰ মাৰি পাতি হাঁহক
মাটিত দিলেগৈ পেলাই;
কঁকাল ভাগি হাঁহে বোলে
(আৰু) নুঠো উৰাজাহজত পাই।
খৰ খোজ দিলে ঘৰৰ ফালে
শগুণে থাকিল চাই,
(বোলে) পাখি থাকোতে খোজ কাঢ়ে
কেনেকুৱা জীৱ ভাই!!
শালিকীৰ জী
সপোন ভাগি শালিকী জনী
সাৰ পাই গ'ল।
সাৰ পাই কান্দি কাটি
বাউলীজনী হ’ল।
জিলিক্ মিলিক্ ফুট্ফুটীয়া চোলা
পূজালৈ গৈছিল পিন্ধি
ওঠত ৰঙ নখত ৰং
মূৰত ফিটা বান্ধি।
হালি জালি পাখি মেলি
গৈছিল উৰি উৰি
পূজা ঘৰত সকলোৱে
চাইছিল ঘূৰি ঘূৰি।
সোঁৱে বাঁৱে এসোপা মিঠাই
খালে পেট পূৰাই
ঘৰ লই উভটি আহিল
বেলুন উৰাই উৰাই।
তেনেতে ফুটিল ধমহ্ কৰে
হাতৰ বেলুন দুটি
সেই শব্দত একে জাপেই
বিচনাত উঠিল বহি৷
সাৰ পাই চোলা নেপাই
লগালে হুলস্থুল
আই ঐ চোলাটিত
আছিল কতযে ফুল!
মাকে ক'লে কিনো কৱ তই
মনে মনে থাক
জনমে জনমে একেযোৰ সাজ
গোঁসায়ে দিছে আমাক।
চিকা ৰজা
কাহানিবাতে আহি
চিকা এটিয়ে
নিগনি জাকক ক’লে
শুন, নিগনিহঁত
তহঁতক চাবলৈ
গোঁসায়ে মোক পঠালে।
আজিৰ পৰা
তহঁতৰ ৰজা
তহঁতক মই চাম
যি পাৰ দিবি
বিচাৰি আনি
মই বহি বহি খাম।
সেইদিন ধৰি
ধূৰ্ত চিকাৰ
সুখৰ উপৰি সুখ
আনৰ ভাগৰ
কাঢ়ি কাঢ়ি খায়
নদেখে আনৰ দুখ।
খাব লই
নাপালে একো
ঢেঁটুত চেপি ধৰে
গোটে গোটে
খাই থম বুলি
ভয় খুৱাই মাৰে।
অকণমানি
নিগনি এটি
চিকাৰ ভয়ত গই
পূজাৰ ঘৰত
বহি থাকিল
কাকো নোকোৱাকৈ।
গণেশৰ ওচৰত
চিকা এটি দেখি
থত্ মত খালে
ইমান ডাঙৰ
এইটো চিকা
ৰৈ ৰৈ চালে।
উধাতু খাই
হামখুৰি খাই
নিগনি লৰি আহি
বুলিলে ‘পিতাই
বেগতে আহ
নিজেই চাহি আহি।
আছে বহি
হাঁহি হাঁহি
মস্ত চিকা এটা
এইটোতকৈ
ডাঙৰ ৰজা
ৰজাতকৈও ৰজা৷
গোঁফ তাৰ
এহাত দীঘল
দাঁত জোঙা জোঙা
হাতৰ নখ
বৰ চোকা
চকু ৰঙা ৰঙা।
ভোক চোক নাই
বৰ ভাল জান
দ’ম দ’ম মিঠাই
আগতে আছে
একোকে নেখায়
কেৰাহিকৈও নেচায়।
বলচোন পিতাই
গোটেই মখাই
মাতি আনো গই
তাকে পাতিম
আমাৰ ৰজা
দুখৰ কথা কই৷’
তাকে শুনি
ধূৰ্ত চিকা
দৰক্ মাৰি ৰ’ল
সেইদিন ধৰি
চিকা ৰজাক
কোনেও নেদেখা হ'ল৷
কেৰ্কেটুৱাৰ জীয়েক
কেৰ্কেটুৱাজনীয়ে কেক্কেক্ কৰি
ল’ছোৱালী জাকক ক’লে
ব’লহঁক তঁহতক কানিমুনি পৰত
লৈ যাম পূজা চাব’লৈ।
কণমানি জনীয়ে মাকক ক'লে
ক’ছোন আই, পূজা মানে কি?
মাকে ক’লে ভেঁকাহি মাৰি
একোকে নেজ়ান, তই আঁকৰী?
গোঁসানীৰ আগত আগলি পাতত
গোট গোট কল, বুটৰ দ’ম
পাচিয়ে পাচিয়ে উপচি থাকে
অ’ত বস্তু তোক কিনো কম!
কণমানিয়ে ক’লে, কিনো কৱ আই
কিয় লাগে বুট কল মোক?
‘চক’বাইট’ ‘চকলেট’ এইবোৰহে ভাল
কিমান নো বুজাম তোক।
মাকে ক’লে বৰ বৰ কথা
লোকক দেখি নকবি
পৰক দেখি চখত পৰি
হাবু ডুবু খাবি।
‘আজি-কালি দিন বদলিল
আগৰ দিনকাল নাই’
এইবুলি কণমানি ওফোন্দ পাতি
মাকলৈ থাকিল চাই।
ল’ছোৱালী মখা উভহা কথা
মাকৰ উঠিল খং
কিনো জানো হ’ল ৰসাতলে গ’ল
লাগিল নতুন ঢং।
বাদাম ভজা বুটৰ মজা
পাবিনে বিচাৰি তাত,
নেযাওঁ যা নেচাওঁ পূজা
ঘৰতে সোমাই থাক।
[ ১৫ ] ফেঁচীৰ বিলৈ
পূজালৈ গৈ ল’ছোৱালী লৈ
ফেঁচীৰ চকু পৰিল
কিনো কথা আই ঐ
তেনেই তবধ লাগিল।
গোঁসানীৰ সতে বহি আছে
সেই ফেঁচা এটি
মুখেই চাবানে নাকেই চাবা
আছে যে জিলিকি।
অত সোপা মিঠাই ফল
পকা আম কল
সাউৎ কৰে খায় ছাগৈ
পায় যদি চল।
মোৰহে ফেঁচা এনে এটা
কেনে কেলেহুৱা
ডিঙি ঘূৰাই থাকোতেই
হয় ৰাতিপুৱা।
যদিহে পাৰো এই ফেঁচাক
নিজৰ কৰি লব
উগাৰি খাম গোটেই সোপা
কেনে মজা হব
সেই ভাবি ফেঁচী বাই
উৰা মাৰি গই
হালি জালি ফেঁচাটোৰ
কাষতে বহিলগৈ।
গাটো ঘঁহাই মিচিকিয়াই
বোলে, শুনাচোন শুনা
হব পাৰো তোমাৰ ঘৈনী
যদিহে মন কৰা।
ছ-টি পোনা মোৰ
একো আহুকাল নাই
খাবলৈ দিলেই হ’ল
মাথো পেট পূৰাই।
কিনো জানো পাই মাতবোল নাই
খঙতে দিলে খোঁট
সেই খোঁটত ফেঁচা বাইৰ;
ভাগিল নিজৰ ঠোঁট।
বোলে, কটা নিধক
কোনে সৰজিলে তোক
এনে কঠুৱা অজাতি
নেলাগে বোপাই মোক।
নিগনি গ’ল পূজা চাবলৈ
ন-ঘৈণীক লই
পূজা চালে ৰঙমনে
হাতত ধৰাধৰিকই।
গোঁসানীৰ কাষত খোৱাবোৰ দেখি
বৰ লোভ লাগিল;
গোঁসানীৰ পিছতে ঠাই অকণ চাই
দুয়ো লুকাই থাকিল।
মজা কৰি দুয়ো বহি
খালে দিনে নিশাই
দশমী আহিল যাব লাগে
নিগনিয়ে দিলে ৰায়।
ঘৈনীয়ে ক'লে কি কৱ
কিয় মই যাম
গোঁসানীৰ লগতে থাকি
বহি বহি খাম
নিগনীয়ে বুজালে পানীত
গোঁসানীক ডুবাই দিব
ভাবিছনে বাৰু তেতিয়া
তোৰ কি বিলাই হব।
ঘৈণীয়ে উচাত মাৰি
নিগনিক ক'লে
ময়ো যাম পানীৰ তলৰ
পূজা খাবলে।
এইবুলি সোমালগৈ
কোনোবা চুকত
বিচাৰি নেপায় নিগনি
ৰৈ গ'ল দূৰত।
গোঁসানীক নিলে মটৰত তুলি
দি হৰি ধ্বনি
তাকে দেখি নিগনিয়ে কান্দে
হিয়াধুনি ধুনি।
○ ○ ○
কথা শুনি লেঠা দেখি
শিয়ালী জীয়েকৰ হাঁহি।
হাঁহি হাঁহি টোপনি গ'ল
শিয়ালীয়েও মাৰিলে হামি।
নাচনী ভেকুলী
ভেকুলীয়ে ক’লে, ভেকোলা
গীত এটি গা
তোৰ গীতত নাচো মই
কঁকাল ভাঙি চা।
ভেকোলাই বোলে কি কলি
তই খহুলী
কেতিয়াৰ পৰানো তই
নাচনী হলি
খোজ কাঢ় জপিয়াই
ভৰিত নাই জোৰ
আজিনো নাচিবলৈ
কি মন গ’ল তোৰ?
ভেকুলীয়ে ক’লে, ভেকোলা
গুণ নেদেখ মোৰ
চবে কৰে বাঃ বাঃ
নপৰে চকু তোৰ।
কেঁ-কো টে-টো কেঁ-কো টে-টো
ভেকোলাই জুৰিলে গীত
সেই গীতে সকলো ভেকুলীৰ
উতলা কৰিলে চিত।
সৱে গালে সুৰ মিলাই
তালফাল লাগিল
সেই সুৰত মেঘ দেৱতাৰ
কেঁচা টোপনি ভাগিল।
এপালি দিবলৈ বৰষুণ হই
আহিল দপ্দপাই
তাকে দেখি হায় গোটেই মখাই
দিলে লৰ ভিৰাই৷
ভোমোৰাৰ উঠিল জ্বৰ
ভৰ দুপৰীয়া ভোমোৰাটিৰ
ভম্ ভম্কৈ উঠিল জ্বৰ
কেৰ্মেৰাই কেৰেলুৱাই ক'লে
কোন ক’ত আছ কি কৰ কৰ।
আলফুলীয়া আমৰলি
আখল পালেগৈ
পায় নেকি এলোটা পানী,
মূৰত ঢালিবলৈ।
ডবিয়ালে গুবৰুৱাই
ডাক্তৰ নেদেখি
উঠি আহি জেঠীয়ে দিলে
চিঠি এখন লিখি৷
ন-ঘৈনী নিগনি
বৰ সিয়ানী
আক তাক দৰব দি
হৈছে বেজিনী।
ততাতৈয়াকৈ টেবুলত
পিত্পিতাই ফুৰি
টেমা ভৰাই দৰব থয়
কৰি আনি চুৰি।
মৌজনী গ’ল উৰি উৰি
সেই কথা শুনি
নিগনিজনীয়ে বোলে, নিবিহি
হলে কাণিমুনি।
[ বেটুপাত-২ ] শিশু সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নীলিমা বৰাৰ প্ৰকাশিত দুকুৰি খনতকৈও অধিক গ্ৰন্থৰ ডেৰকুৰি খনতকৈও অধিক শিশু গ্ৰন্থ। শিশুৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে গুৰুত্বপূৰ্ণ বিষয় সম্বলিত – কিন্তু শিশুৰ মনোগ্ৰাহীকৈ সৰস আৰু অনুপম লেখনিৰে শিশুপুথি ৰচনা কৰাত নীলিমা বৰাক সিদ্ধহস্ত বুলিব পাৰি। শিশুৰ মনৰ বিস্ময় আৰু মনোৰম জগতখনিত প্ৰৱেশ কৰা অতি কঠিন তাতোকৈ কঠিন শিশুৰ মনঃস্বত্ত্ব অধ্যয়ন কৰি মানসিকভাৱে নিজকে শিশু শাৰীলৈ নমাই নি তেওঁলোকৰ ভাৱ আৰু ভাষাৰে সাহিত্য সৃষ্টি কৰাতো। তেৰখনি শিশুগ্ৰন্থকলৈ তেওঁৰ একৈশখন গ্ৰন্থ ৰাজ্যিক ভিত্তিত সৰ্বশ্ৰেষ্ঠ হৈ পুৰস্কৃত। বাংলা ভাষালৈও তেওঁৰ কেইবাখনি শিশুপুথি অনুবাদ হৈছে। বাংলা সাহিত্যগোষ্ঠী ‘পইঠা’ই শিশু সাহিত্য কৰ্মৰ বাবে নীলিমা বৰাক ‘দিলীপ কুমাৰ চন্দ’ বঁটাৰে সন্মানিত কৰিছে।
শিশু সকলক আমোদ দিবলৈ লিখা ‘হেবাং বেঙৰ আং বাং’ কবিতা পুথিখনিয়ে ডাঙৰকো আমোদ দিব পাৰিব। তেওঁলৈ শুভকামনা আৰু আশীৰ্বাদ থাকিল৷
মীৰা ঠাকুৰ
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।