পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পূজাৰ বতৰত

শিয়ালী জীয়েকৰ ইননি বিননি
 জ্বৰতো নেৰা হ’ল
লগৰ সমনীয়া এতিয়া ছাগৈ
 পূজা চাবলৈ গ'ল ৷
উচুপি উচুপি মাকক ক'লে
 নেথাকো ঘৰত মই
মন গৈছে  পূজা চাবলৈ
 নিবিনে মোক তই?
আতৌ পুতৌকৈ শিয়ালীয়ে ক'লে
 য’ক যি যলৈ গ'ল।
শুনছোন আই পূজালৈ গ'ই
 কওঁ, কাৰ কি হ’ল !
কোলাত বহুৱাই নিচুকাই নিচুকাই
 শিয়ালীয়ে কৈ গ'ল কথা
পূজা বতৰত  সেই মখাৰ
 লাগিল কত লেঠা।