পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অকণমানি
নিগনি এটি
 চিকাৰ ভয়ত গই
পূজাৰ ঘৰত
বহি থাকিল
 কাকো নোকোৱাকৈ।
গণেশৰ ওচৰত
চিকা এটি দেখি
 থত্ মত খালে
ইমান ডাঙৰ
এইটো চিকা
 ৰৈ ৰৈ চালে।
উধাতু খাই
হামখুৰি খাই
 নিগনি লৰি আহি
বুলিলে ‘পিতাই
বেগতে আহ
 নিজেই চাহি আহি।
আছে বহি
হাঁহি হাঁহি
 মস্ত চিকা এটা
এইটোতকৈ
ডাঙৰ ৰজা
 ৰজাতকৈও ৰজা৷

১১