পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘আজি-কালি দিন বদলিল
 আগৰ দিনকাল নাই’
এইবুলি কণমানি ওফোন্দ পাতি
 মাকলৈ থাকিল চাই।
ল’ছোৱালী মখা উভহা কথা
 মাকৰ উঠিল খং
কিনো জানো হ’ল ৰসাতলে গ’ল
 লাগিল নতুন ঢং।
বাদাম ভজা বুটৰ মজা
 পাবিনে বিচাৰি তাত,
নেযাওঁ যা নেচাওঁ পূজা
 ঘৰতে সোমাই থাক।

১৪