সমললৈ যাওক

পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেনেতে ফুটিল  ধমহ্‌ কৰে
 হাতৰ বেলুন দুটি
সেই শব্‌দত  একে জাপেই
 বিচনাত উঠিল বহি৷
সাৰ পাই  চোলা নেপাই
 লগালে হুলস্থুল
আই ঐ  চোলাটিত
 আছিল কতযে ফুল!
মাকে ক'লে  কিনো কৱ তই
 মনে মনে থাক
জনমে জনমে  একেযোৰ সাজ
 গোঁসায়ে দিছে আমাক।