পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শালিকীৰ জী

সপোন ভাগি  শালিকী জনী
 সাৰ পাই গ'ল।
সাৰ পাই  কান্দি কাটি
 বাউলীজনী হ’ল।
জিলিক্‌ মিলিক্‌  ফুট্‌ফুটীয়া চোলা
 পূজালৈ গৈছিল পিন্ধি
ওঠত ৰঙ  নখত ৰং
 মূৰত ফিটা বান্ধি।
হালি জালি  পাখি মেলি
 গৈছিল উৰি উৰি
পূজা ঘৰত  সকলোৱে
 চাইছিল ঘূৰি ঘূৰি।
সোঁৱে বাঁৱে  এসোপা মিঠাই
 খালে পেট পূৰাই
ঘৰ লই  উভটি আহিল
 বেলুন উৰাই উৰাই।