পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৈণীয়ে উচাত মাৰি
 নিগনিক ক'লে
ময়ো যাম পানীৰ তলৰ
 পূজা খাবলে।
এইবুলি সোমালগৈ
 কোনোবা চুকত
বিচাৰি নেপায় নিগনি
 ৰৈ গ'ল দূৰত।
গোঁসানীক নিলে মটৰত তুলি
 দি হৰি ধ্বনি
তাকে দেখি নিগনিয়ে কান্দে
 হিয়াধুনি ধুনি।
  

কথা শুনি লেঠা দেখি
 শিয়ালী জীয়েকৰ হাঁহি।
হাঁহি হাঁহি টোপনি গ'ল
 শিয়ালীয়েও মাৰিলে হামি।

১৮