পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কতমখা গ'ল  স্বৰ্গগামী হ’ল
 মানুহবোৰ চতুৰ হ’ল
ক’ত থাকো  ক’ত শোঁও
 সকলোবোৰ জনা হ'ল।
নোৱাৰো থাকিব  সকলো সহিব
 সাজু হ’বৰ হ’ল
কিমান থাকিম  লুকাই লুকাই
 ব’ল হঁক ব’ল ব’ল।
তাকে শুনি  বুঢ়াই বহি
 কাহি খুক্ খুক্
চকু ৰঙা  গাঁও বুঢ়া
 বোলে, চুপ চুপ।
কেতিয়াৰ পৰা  হলি পলৰীয়া
 মৰণলৈ ইমান ভয়,
অজৰ অমৰ  আমাৰ বংশ
 ইতিহাসে সদায় কয়৷
যুগ যুগ ধৰি  আছো ধৰি
 বংশৰ নাতিপুতি
য’তে থাকো  গাঁও পাতো
 যি খাওঁ তাতে জুতি।
কিমান মাৰিব  ভাগৰি পৰিব
 আমাৰে হব জয়;
হবি সিয়ান  সদায় সাৱধান।
 নকৰিবি মানুহলৈ ভয়।