পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোমোৰাৰ উঠিল জ্বৰ

ভৰ দুপৰীয়া ভোমোৰাটিৰ
ভম্ ভম্‌কৈ উঠিল জ্বৰ
কেৰ্‌মেৰাই কেৰেলুৱাই ক'লে
কোন ক’ত আছ কি কৰ কৰ।
আলফুলীয়া আমৰলি
আখল পালেগৈ
পায় নেকি এলোটা পানী,
মূৰত ঢালিবলৈ।
ডবিয়ালে গুবৰুৱাই
ডাক্তৰ নেদেখি
উঠি আহি জেঠীয়ে দিলে
চিঠি এখন লিখি৷
ন-ঘৈনী নিগনি
বৰ সিয়ানী
আক তাক দৰব দি
হৈছে বেজিনী।
ততাতৈয়াকৈ টেবুলত
পিত্‌পিতাই ফুৰি
টেমা ভৰাই দৰব থয়
কৰি আনি চুৰি।
মৌজনী গ’ল উৰি উৰি
সেই কথা শুনি
নিগনিজনীয়ে বোলে, নিবিহি
হলে কাণিমুনি।

২১