পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফেঁচীৰ বিলৈ

পূজালৈ গৈ ল’ছোৱালী লৈ
 ফেঁচীৰ চকু পৰিল
কিনো কথা আই ঐ
 তেনেই তবধ লাগিল।
গোঁসানীৰ সতে বহি আছে
 সেই ফেঁচা এটি
মুখেই চাবানে নাকেই চাবা
 আছে যে জিলিকি।
অত সোপা মিঠাই ফল
 পকা আম কল
সাউৎ কৰে খায় ছাগৈ
 পায় যদি চল।
মোৰহে ফেঁচা এনে এটা
 কেনে কেলেহুৱা
ডিঙি ঘূৰাই থাকোতেই
 হয় ৰাতিপুৱা।
যদিহে পাৰো এই ফেঁচাক
 নিজৰ কৰি লব
উগাৰি খাম গোটেই সোপা
 কেনে মজা হব

১৫