পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এষাৰ.…......
 ‘হেবাং বেঙৰ আংবাং কবিতা’ পুথিখন বিভিন্ন বাতৰি কাকত, শিশু আলোচনীত প্ৰকাশ হোৱা পদ্যবোৰৰ পৰা কেইটামান বুটলি অনা হ'ল। ভিতৰৰ ছবিবোৰো অপৈণত হাতেৰে নিজে অঁকা হ'ল৷ পদ্যখিনি পুথি আকাৰে প্ৰকাশ কৰাৰ দায়িত্ব লোৱা বাবে এঞ্জেলিকা ইমপ্ৰিণ্টৰ স্বতাধিকাৰী শ্ৰীযুগল কিশোৰ শইকীয়ালৈ ধন্যবাদ থাকিল। যতনেৰে বেটুপাতটি সজাই পৰাই তোলাৰ বাবে মোৰ পুত্ৰ শ্ৰীমান মানস চেম বৰালৈ স্নেহাশীষ থাকিল৷ প্ৰেছৰ সমূহ কৰ্মকৰ্তাসকললৈয়ো ধন্যবাদ থাকিল।
 শিশুসকলে পঢ়ি মনত ৰং পালেই মোৰ মনে সন্তোষ পাব৷


লেখিকা