পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঁইতা চোৰাৰ মেল

মাজনিশা ঘৰৰ মজিয়াত
 পঁইতাচোৰা জাকে
নাচিবাগি খেলি ধুলি
 পিতপিতাই ফুৰে।
পিছে আহিল দুখৰ দিন
 খাবলৈ একো নাই
চিক্‌চিকিয়াকৈ মজিয়া জিলিকে
 আজিকালি হায়।
এদিন নিশা গোটেই মখা
 চাফা মজিয়াত বহি
সভাত বহিল সকলো আহিল
 বুঢ়াও কাহি কাহি।
ডেকা মখাই খিঙখিঙাই
 চিঞৰি চিঞৰি ক'লে
নেথাকো ইয়াত কৃপনৰ তাত
 ব’ল ব’ল কৰবালে।
খুদ এটি নাই চব ঢাকি যায়
 শুবলৈ গ'লে ভাই
কিমাননো খাঁও শুঙিহে চাঁও
 তাকেছোন বুজি নেপায়।
এটাই বোলে অকল সেয়েনে
 আমাক মাৰো বুলি
কতনো বিহ উঃ উঃ উঃ
 সৌৱা চা বটল খুলি!!