পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাচনী ভেকুলী

ভেকুলীয়ে ক’লে, ভেকোলা
গীত এটি গা
তোৰ গীতত নাচো মই
কঁকাল ভাঙি চা।
ভেকোলাই বোলে কি কলি
তই খহুলী
কেতিয়াৰ পৰানো তই
নাচনী হলি
খোজ কাঢ় জপিয়াই
ভৰিত নাই জোৰ
আজিনো নাচিবলৈ
কি মন গ’ল তোৰ?
ভেকুলীয়ে ক’লে, ভেকোলা
গুণ নেদেখ মোৰ
চবে কৰে বাঃ বাঃ
নপৰে চকু তোৰ।

১৯