পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘কিঔ’বুলি  উচপ খাই
 শগুণ গ’ল উৰি
পাতি হাঁহ  পেট পেলাই
 পিঠিত থাকিল পৰি।
হাঁহে ভাবিলে  সেই খনেই
 উৰা জাহাজ বুলি
উৰি আছোনে  ইয়াতেই
 উৰাজাহাজত উঠি?
মূৰ ঘূৰণিত  নেপায় তত্
 মাৰি দিলে চিঞৰ;
শগুণে বোলে  কিহে পালে
 ইয়াক কৰো আঁতৰ।
আচাৰ মাৰি  পাতি হাঁহক
 মাটিত দিলেগৈ পেলাই;
কঁকাল ভাগি  হাঁহে বোলে
 (আৰু) নুঠো উৰাজাহজত পাই।
খৰ খোজ দিলে  ঘৰৰ ফালে
 শগুণে থাকিল চাই,
(বোলে) পাখি থাকোতে  খোজ কাঢ়ে
 কেনেকুৱা জীৱ ভাই!!