পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতি হাঁহৰ বিলৈ

পেক্‌ পেক্‌কৈ  পোৱালি জাকে
 বাপেকক গৈ ক’লে
ব’ল পিতাই  লৈ যা আমাক
 পূজা দেখুৱাবলৈ ৷
বাপেকে বোলে  পোনাহঁত
 যাবি কেনেকৈ
আমাক পাখি  ঈশ্বৰে দিলে
 মাথো দেখুৱাবলৈ।
পোনাহঁতে ক’লে  উৰিব নোৱাৰো
 যাম উৰাজাহাজত
চাম এবাৰ  উৰি গ’লে
 কেনে লাগে আকাশত।
যাচোন যা  কিনি আন
 উৰা জাহাজ এখন
ঘৈনীয়েকে  হাঁহি ক'লে
 পাৰিলে আনিব দুখন।
হাঁহ গ’ল  খৰধৰকৈ
 উৰাজাহাজ ক’ত পায়;
উফৰি পৰিল  বেচেৰা ভগা
 দলঙত উজুটি খায়।
শগুণ আছিল  শ’ খাই
 শুকান পুখুৰীত
হাঁহ গৈ  পৰিলগৈ
 শগুনৰ পিঠিত।