পৃষ্ঠা:হেবাং বেঙৰ আংবাং কবিতা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোঁফ তাৰ
এহাত দীঘল
 দাঁত জোঙা জোঙা
হাতৰ নখ
বৰ চোকা
 চকু ৰঙা ৰঙা।
ভোক চোক নাই
বৰ ভাল জান
 দ’ম দ’ম মিঠাই
আগতে আছে
একোকে নেখায়
 কেৰাহিকৈও নেচায়।
বলচোন পিতাই
গোটেই মখাই
 মাতি আনো গই
তাকে পাতিম
আমাৰ ৰজা
 দুখৰ কথা কই৷’
তাকে শুনি
ধূৰ্ত চিকা
 দৰক্‌ মাৰি ৰ’ল
সেইদিন ধৰি
চিকা ৰজাক
 কোনেও নেদেখা হ'ল৷

১২