সৌপ্তিক পৰ্ব্ব
মহাভাৰত সৌপ্তিক পৰ্ব্বৰ অন্তৰ্গত
সৌপ্তিক পৰ্ব্ব।
শ্ৰীদুৰ্গাপ্ৰসাদ দেবশৰ্ম্মা ফুকণ।
কৰ্ত্তৃক ৰচিত।
শ্ৰীশিৱনাথ ভট্টাচাৰ্য্য দ্বাৰা
প্ৰকাশিত।
ডিব্ৰুগড়, আসাম, পোঃ আঃ ৰিহাবাৰী।
প্ৰথম সংস্কৰণ
কলিকাতা
৬নং কলেজ-স্কোৱাৰ, সাম্য-যন্ত্ৰে,
আবদুল লতিফ দ্বাৰা মুদ্ৰিত।
⸻⸻⸻
১৯০৮।
বেচ ৶৹ তিনি অনা মাথোন।
মহাভাৰত সৌপ্তিক পৰ্ব্বৰ অন্তৰ্গত
সৌপ্তিক পৰ্ব্ব।
ওঁ নমো ভগৱতে বাসুদেবায়।
“ওঁ নাৰায়ণং নমস্কৃতং নৰঞ্চৈব নবোত্তমং।
দেবীং সবস্বতীং ব্যাসং ততোজয় মুদীৰয়েৎ॥
পদ।
নমো নাৰায়ণ দেব ব্ৰহ্ম সনাতন।
ব্ৰহ্মা হৰ বন্দে যাৰ অভয় চৰণ॥
যাৰ নাম লই মহাপাতকীয়ো তৰে।
আন গতি নাই কৃষ্ণ দেৱতাত পৰে॥
সেই পাদপদ্ম ধুলা লই শিৰোপৰি।
মাতৃ সৰস্বতীক যে নমস্কাৰ কৰি॥
সৌপ্তিক পৰ্ব্বৰ কথা কৰোহো ৰচন।
মহা ভাৰতৰ ইটো কথা বিতোপন॥
পাঞ্চাল পাণ্ডবে অশ্বত্থামা বিনাশিলে।
হৰিষ বিষাদে দুৰ্যোধন মৃত্যু হৈলে॥
এই সব কথা ইটো পৰ্ব্বত আছয়।
ইয়াক শুনিলে সব পাতক দহয়॥
যেবে গদা যুদ্ধে পৰিলেক দুৰ্য্যোধন।
অন্ধৰাজ বিলাপিছে মহা দুঃখ মন॥
ভীম মোৰ শত পুত্ৰ মাৰে একেশ্বৰ।
তাৰ সম বীৰ নাই সংসাৰ ভিতৰ॥
অতঃপৰ কিবা হলে শোধে পুনৰায়।
সঞ্জয় বদতি শুনিয়োক কুৰু ৰায়॥
শ্ৰীজনমেজয়ে কয় শুনা মুনিবৰ।
কোন জনে কোন কৰ্ম্ম কৈলে অতঃপৰ॥
মুনি নিগদতি শুনিয়োক জন্মেজয়।
উৰু ভাগি দুৰ্য্য়োধন পৰিয়া আছয়॥
হত শেষ সৈন্য সহ যুধিষ্ঠিৰ ৰাজ।
বিষন্ন বদনে যায় শিবিৰৰ মাজ॥
হেনকালে অস্তাঙ্গতী হলে দিবাকৰ।
সব বীৰগণ গৈলে যাৰ যেই ঘৰ॥
একেশ্বৰ দুৰ্য্যোধন পৰি ৰৈলে তথা।
উৰু ভাগি পৰি আছে মনে পায় ব্যথা॥
আমাবস্যা ৰাত্ৰি সিটো ঘোৰ অন্ধকাৰ।
ৰণস্থলে প্ৰেত ভূত কৰয় বিহাৰ॥
চতুঃপাৰ্শ্বে শব্দ কৰে যত শিবাগণ।
মহাভয়ে কুৰুক্ষেত্ৰে নাহে কোনজন॥
হেনকালে উপনীত তথা তিন জন।
কৃপ কৃতবৰ্ম্মা আৰু দ্ৰোণৰ নন্দন॥
দুৰ্য্যোধন হেতু বহু কৰয় বিলাপ।
কোন মহাজনে হেন দিলে অভিশাপ॥
সমস্ত পৃথিবী পতি ৰাজা দুৰ্য্যোধন।
ধৰণীত পৰি আছে মহা দুঃখ মন।
একাদশ অক্ষৌহিনী আৰু যত বীৰ।
ভীষ্ম দ্ৰোণ কৰ্ণ আদি প্ৰশান্ত শৰীৰ॥
সকলো হৈলেক নাশ মাত্ৰ আমি আছো।
হেন কালে কয় দ্ৰোণী কি কাম কৰিছো॥
ধৃষ্টদ্যুম্ন বধে মোৰ প্ৰতিজ্ঞা আছয়।
সেই বুলি মহা ক্ৰোধে ৰাজাত কহয়॥
অবধান কৰা মহাৰাজ দুৰ্য্যোধন।
মনযোগ কৰি শুনা মোহোৰ বচন॥
ভীষ্ম দ্ৰোণ কৰ্ণ আৰু শল্য আদি বীৰে।
সেনাপতি কৰি তুমি পূজিলা সাদৰে॥
কোন জনে কোন কৰ্ম্ম কৰিলে ৰাজন।
সবে পাণ্ডবৰ পক্ষ জানিবা ৰাজন॥
সি কাৰণে তোমাৰ নহলে কিছু হিত।
মোৰ ইচ্ছা হয় কিছু কৰোঁহো বিহিত॥
তব অপমান মোৰ সহন না যায়।
সেনাপতি কৰা মোক কৌৰব তনয়॥
মোক সেনাপতি কৰিলাহা যদি ৰণে।
তেন্তে তব শত্ৰু সব নেথাকে জীৱনে॥
মোৰ বীৰপনা তুমি জানা ভাল মতে।
কোন জন ৰণিবেক মোহোৰ সহিতে॥
ইন্দ্ৰ যম কুবেৰ বৰুণ হুতাশন।
মোৰ সহ ৰণে জিনিবেক কোন জন॥
একদিনো যুক্তিক নকলা মোৰ সহ।
নিজৰ বুদ্ধিত তুমি নাশিলা বৈভব॥
জন্মাবধি তব গৃহে হইছো পালিত।
সিকাৰণে কৰিবাক চাওঁ তব হিত॥
যদি এতিয়াও সেনাপতি কৰা মোক।
নিশ্চয় নাশিম মই পাণ্ডৰ সবক॥
মোহোৰ প্ৰতিজ্ঞা এই শুনা নৰনাথ।
পাঞ্চাল ও পাণ্ডবক কৰিম নিপাত॥
দ্ৰৌণিৰ বাক্য শুনি ৰাজা দুৰ্যোধন।
ভাল ভাল বুলি প্ৰশংসয় ঘনে ঘন।
পাণ্ডৱৰ প্ৰিয় সব জানো ভাল মত।
সেই হেতু সমৰত সব হলে হত॥
আৰু কোনো বন্ধু মোৰ নাই মহাত্মন।
যদি তুমি কৰা মোৰ কষ্ট নিবাৰণ॥
সেনাপতি কৰি ময় কৰিম বৰণ।
যদি মোৰ হিত চিন্তি কৰা তুমি ৰণ॥
ৰজাৰ বিনয় শুনি দ্ৰোণৰ নন্দন।
গৰ্ব্ব কৰি কয় বিনাশিবো সৰ্ব্বজন॥
এতেক শুনিয়া কুৰুপতি দুৰ্য্যোধন।
কৃপাচাৰ্য্য মুখ চাই কহয় বচন॥
শীঘ্ৰগতি জল আনি দিয়া মহামতি।
আজি গুৰু পুত্ৰে দেখো কৰি সেনাপতি॥
এতেক কহিলা যদি ৰাজা দুৰ্য্যোধন।
কৃতবৰ্ম্মা সহ কৃপ কৰিলে গমন॥
জল অন্বেষণ হেতু আন্ধাৰ নিশাত।
বহুঠাই বিচাৰিয়া নেপালে তথাত॥
একস্থান হই দুয়ো ভাবে উপায়ক।
কি কৰিম কোনস্থানে যাম ই নিশাত॥
কৃপাচাৰ্য্যে কয় শুনা মোহোৰ বচন।
যুদ্ধ হেতু জল আনি ছিলে সৈন্যগণ॥
সেই জল বিনা আৰু নাহিকে ইয়াত।
এই বুলি দুই বীৰ গৈলেক তথাত॥
সেইস্থানে দেখয় বহুত আছে জল।
দেখি দুয়ো জনে মনে আনন্দে বিহ্বল॥
তাৰ এক কুণ্ড জল লই দুয়ো জন।
উপনীত হলে আনি স্থানে দুৰ্য্যোধন॥
জল দেখি আনন্দিত কুৰুকুল পতি।
অভিষেক হেতু ৰাজা উঠে শীঘ্ৰগতি॥
উৰু ভাগি পৰি আছে উঠিব নোৱাৰে।
স্পৰ্শ কৰি দিলে জল অশ্বত্থামা করে॥
নিজ হাতে জল লই শিৰত চালিলে।
এইৰূপে অশ্বত্থামা সেনাপতি হলে॥
তথা হন্তে বিদায় হৈলেক তিন বীৰ।
মহা বেগে চলি যায় পাণ্ডব শিবিৰ॥
ঘোৰ অন্ধকাৰ নিশা পথ নিচিনয়।
বিনা শব্দে ধীৰে ধীৰে পথ বহি যায়॥
শ্ৰম হলে কিছু দূৰ গই তিন জন।
বৃক্ষতলে বসি কৰে কথোপকথন॥
সেই স্থানে বহুকাল কৰিয়া চিন্তন।
উপায় নাহিকে দেখি মহা দুঃখ মন॥
অতঃপৰ বৃক্ষোপৰে দেখে এক কথা।
মৌনভাবে ফেঁচা এক ৰহিয়াছে তথা॥
আৰ নানাবিধ পক্ষী তাৰ ওপৰত।
মহা সুখে নিদ্ৰা যায় নিজৰ বাঁহত॥
সব পক্ষী নিদ্ৰা গই হৈলেক নিৰ্জ্জন।
ছিদ্ৰ পাই ফেঁচা কৈলে সবাকো ভক্ষণ॥
দেখিয়া মনত ভাবি অশ্বত্থামা কয়।
এক বুদ্ধি পাইলোহো শুনা মহাশয়॥
কহিবে লাগিলে বীৰ দ্ৰোণৰ কুমাৰ।
পাঞ্চাল পাণ্ডবে আজি কৰিম সংহাৰ॥
সমৰক জিনি সবে মহাৰঙ্গ মনে।
সুখে শুতিয়াছে সেনা সহ-সৰ্ব্বজনে॥
নিদ্ৰিতাবস্থাতে সব কৰিম সংহাৰ।
এই বুদ্ধি স্থিৰ কৈলে দ্ৰোণৰ কুমাৰ॥
কৃপাচাৰ্য্যে কয় ইটো যুগুত নহয়।.
নিদ্ৰিত জনক মাৰিবাক নুযুৱায়॥
ভয়াৰ্ত্ত শৰণাগত নিদ্ৰিত যি জন।
বিনাশিলে মহাপাপ নাযায় খণ্ডন॥
নিষেধ নেমানি ইটো কৰয় যি জন।
পঞ্চ পাতকীৰ মাজে পৰয় সি জন॥
মোহোৰ কথাক তুমি শুনা সাৱধানে।
হেনয় কৰ্ম্মক ইচ্ছা নকৰিবা মনে॥
নিজৰ দুষ্কৰ্ম্মে মজিলেক দুৰ্য্যোধন।
ধৰ্ম্মৱন্ত পাণ্ডৱক হিংসি সৰ্ব্বক্ষণ॥
পাণ্ডবৰ সহায় সম্পদ নাৰায়ণ।
তাহান অহিত চিন্তি জীয়ে কোন্জন।
দুৰ্য্যোধন হেতু হিত কৰিবাক মনে।
যুজিলে শক্তিৰ মতে কৰি প্ৰাণপণে॥
সেই সময়ত কিয় নকৈলা হনন।
দুৰ্ব্বুদ্ধি এৰাঁহা বাপা স্থিৰ কৰা মন॥
পিতৃ বৈৰী যদি চোৱা কৰিবে নিধন।
ৰণ মাজে ধৰি তাক কৰা নিপাতন॥
সৎকৰ্ম্ম কৰিবা বাপা সদায় যতনে।
অসৎ ভাবক কিয় ঠাই দিয়া মনে॥
কৃপৰ বচন শুনি দ্ৰোণৰ নন্দন।
দুই চক্ষু ৰক্তবৰ্ণ কৰয় গৰ্জ্জন॥
কৰিছো প্ৰতিজ্ঞা মই ৰজাৰ আগত।
সকলে কৰিম নাশ তোমাৰ কথাত॥
ক্ষত্ৰধৰ্ম্ম আছে হেন কয় গুণীজন।
ক্ষত্ৰিয়ে কৰিব নিজ প্ৰতিজ্ঞা পালন॥
শত্ৰুক কৰিব ক্ষয় অশেষ প্ৰকাৰে।
ৰিপু সংহাৰিব বলে ছলে কৌশলেৰে॥
লইছো ক্ষত্ৰিয় ধৰ্ম্ম জন্মি দ্বিজ কুলে।
ক্ষত্ৰিয় স্বভাবে নাশ কৰিম সমূলে॥
দুৰাচাৰ শত্ৰু মোৰ দ্ৰুপদ নন্দন।
অন্যায়ে পিতাক মোৰ কৰিলে নিধন॥
সেই হেতু ধৃষ্টদ্যুম্ন আজি সংহাৰিম।
অন্যায়ে বা ছলে বলে নিশ্চয় বধিম॥
পাঞ্চাল পাণ্ডবে আজি কৰিম নিধন।
এই বুলি অশ্বত্থামা কৰয় গৰ্জ্জন॥
মৌণ হই ৰলে কৃপ নকয় বচন।
মহা বেগে যায় দ্ৰোণি অতি ক্ৰোধ মন॥
পাছে পাছে দুইজন কৰয় গমন।
শিবিৰ দ্বাৰত উত্তৰিলে তিন জন॥
দেখে বহি আছে দ্বাৰে নৰ একজন।
বিভূতি ভূষিত সৰ্পমালা ত্ৰিলোচন॥
বাঘছাল কটিত কৰত শিঙ্গা আছে।
চতুৰ্ভুজ দিব্যৰূপ দৰশিলে পাছে॥
এইৰূপে দ্বাৰ ৰক্ষা কৰয় শঙ্কৰ।
নিষেধ কৰয় তাক যাইবে ভিতৰ॥
দ্ৰোণিয়ে কহয় যাওঁ শিবিৰ ভিতৰ।
প্ৰাণে যদি ভয় থাকে তেন্তে এৰা দ্বাৰ॥
হেন শুনি কয় শিব ছদ্মবেশ ধাৰী।
পুৰী ৰক্ষা হেতু মই আছোহো দুৱাৰী॥
একেশ্বৰে আছো মই পুৰী ৰক্ষী হই।
মোক নিজিনিলে পুৰে যাইবে নপাৰয়॥
হেন শুনি কোপে দ্ৰোণি মাৰে নানা বাণ
মুখ মেলি সেই সব গিলে ভগবান॥
যত বাণ মাৰে দ্ৰোনি খাই ত্ৰিলোচন।
হেন দেখি ভয় পালে দ্ৰোণৰ নন্দন॥
তুণ শূন্য হলে আৰু হাতে নাই অস্ত্ৰ।
বিস্ময় মানিলে বীৰ হইয়া নিৰস্ত্ৰ॥
সামান্য মানুহ নহেবেক ইটো জন।
হেন ভাবি শোধে তাঙ্ক দ্ৰোণৰ নন্দন॥
এক নিবেদন মোৰ শুনা মহাজন।
মনুষ্যৰ প্ৰাণে বাণ খাই কোনজন॥
দাৰুণ মোহোৰ অস্ত্ৰ আপুনি গিলিলা।
মোৰ শৰ খাই তুমি ব্যাথাক নেপালা॥
কোন দেব হোৱা তুমি কোৱা মহাশয়।
অনুগ্ৰহ কৰি মোৰ খণ্ডোৱা সংশয়॥
এতেক বুলিলে যদি দ্ৰোণৰ নন্দন।
প্ৰবোধি হয় কথা দেব পঞ্চানন॥
নেজানাহা দ্ৰোণ পুত্ৰ মই কোনজন।
বিশ্বনাথ নাম মোৰ জানে জগজ্জন॥
এতেক শুনিয়া দ্ৰোণি কৰি যোড় হাত।
কয় কৃপা কৰি দ্বাৰ এৰা বিশ্বনাথ॥
ত্ৰিলোচন কয় ইটো কি মতে কৰিবো।
পাণ্ডৱৰ আজ্ঞা বিনা দ্বাৰক নেৰিবো॥
চিন্তান্বিত হলে দ্ৰোণি শুনিয়া বচন।
কি উপায় কৰো এবে ভাবে মনে মন॥
এইৰূপে দ্ৰোণি বহু চিন্তিত হৈলেক।
মনে গুণি শিব পূজা কৰিবে লৈলেক॥
মৃত্তিকাৰ শিব লিঙ্গ কৰিয়া ৰচন।
বিল্বপত্ৰ দিয়া কৰে শিৱক অৰ্চ্চন॥
পূজা অন্তে স্তব কৰে দ্ৰোণৰ নন্দন।
দেব ৰাম দ্বিজে কয় শুনা সৰ্ব্বজন॥
শুনা প্ৰভু দিগম্বৰ বাঞ্ছা পূৰ্ণ কৰা হব
মই দীনহীন অভাজন।
ক্ষমা কৰা দোষ যত মই তব অনুগত
নেজানোহো কৰিবে পূজন॥
আকাশ পাতাল জল স্থাবৰ জঙ্গম স্থল
দশ দিক অষ্ট কুলাচল।
ক্ষিতি অপ তেজঃ ব্যোম পবন ভাস্কৰ সোম
তব মূৰ্ত্তি বিশেষ সকল॥
কি কৈবোহো তব তত্ত্ব তুমি ৰজঃ তুমি সত্ত্ব
তমো গুণে কৰাহা সংহাৰ।
পৰিছো বিপদ মাঝে এই মহা সিন্ধু মাঝে
তুমি প্ৰভু কৰাহা উদ্ধাৰ॥
মই অতি অভাজন হেৰা প্ৰভু ত্ৰিনয়ন
লজ্জা ৰক্ষা কৰাঁ এইবাৰ।
ইত্যাদি অনেক ভাবে দ্ৰোণি স্তুতি কৰে ভবে
শুনি তুষ্ট হইলেক হৰ॥
সদয় হৈলেক হব তাহাঙ্ক যাচয় বৰ
যিবা ইচ্ছা দ্ৰোণৰ তনয়।
দ্ৰৌণি কয় কৃত্তিবাস কৰো গই শত্ৰুনাশ
এই বৰ দিয়া মহাশয়॥
___________
পঞ্চানন কয় ইটো কি মতে কৰিম।
দ্বাৰী স্বৰূপত আছে কি ৰূপত দিম॥
এই বৰ এৰি লোৰ যিটো লয় মন।
দ্ৰৌণিয়ে কহয় আনে নাই প্ৰয়োজন॥
যদি তুমি মোহোক নিদিবা এই বৰ।
তোমাৰ আগত মই মৰিম সত্বৰ॥
এই বুলি দিব্য অস্ত্ৰে জ্বালিয়া অনল।
পুৰিয়া মৰিবে যাই দ্ৰোণী মহাবল॥
বহু স্তব কৰিবাক নকৰিলে ক্ৰুতি।
নিবাৰিয়া বৰ লোৱা হয় ধূৰ্জ্জটী॥
দ্ৰোণী কয় যদি বৰ দিব ত্ৰিলোচন।
কৃপা কৰি কৰাঁ মোৰ প্ৰতিজ্ঞা পূৰণ॥
স্তবে বশ হই হয় দিলে সেই বৰ।
পুনৰপি কম দ্ৰোণী যুড়ি দুই কৰ॥
আৰু এক অনুগ্ৰহ কৰা শূলপাণি।
কৃপা কৰি দিয়া মোক তব গড়গ খানি॥
খড়গ দিয়া অন্তৰ্ধান হলে পশুপতি।
কৃপাচাৰ্য্যে কৰ অশ্বত্থামা মহামতি॥
ইটো দ্বাৰ মুখে তোম থাকা দুইজন।
কাটিবাঁহা তাৰ মুণ্ড আহিব যি জন॥
হাতে খড়গ প্ৰবেশ কৰিলে অশ্বত্থামা।
নিদ্ৰাগত জনে কাটে নকৰয় ক্ষমা॥
ধৃষ্টদ্যুম্ন শুতিয়াছে পালঙ্ক উপৰ।
দেখিয়া তাহাক অশ্বত্থামা বীৰবৰ॥
হাতে খড়গ কৰি ধায় মহা ক্ৰোধ মনে।
হাঁহিয়া ধৰিলে তাক দ্ৰোণৰ নন্দনে॥
দুই হাত ধৰি তাক উপৰে বসিলে।
পশুবৎ কৰি তাক মাৰিৰে ইচ্ছিলে॥
দ্ৰৌণিক দেখিয়া বীৰ দ্ৰোপদ নন্দন।
সকৰুণ স্বৰে কয় বিষণ্ণ বদন॥
খড়েগ মুণ্ড কাটি মোক নকৰা নিধন।
যুদ্ধ কৰি কৰা বীৰ স্বকাৰ্য্য সাধন॥
দ্ৰৌণিয়ে হয় ব্ৰহ্ম বধী দুৰাচাৰ।
পশুবৎ কৰি তোক কৰিম সংহাৰ॥
এই বুলি ধৃষ্টদ্যুম্নে দ্ৰোণৰ তনয়।
বজ্ৰ মুষ্ঠি প্ৰহাৰ কৰিলে অতিশয়॥
হস্ত পদ উদৰত কৰাইল প্ৰবেশ।
পশুৰ ৰূপক কৰি ভাঙ্গে মধ্য দেশ॥
ভীমে যেন কীচকক কৰিলে সংহাৰ।
সেইৰূপে কৰিলেক কুষ্মাণ্ড আকাৰ॥
সবাকো বধিলে অশ্বত্থামা একেশ্বৰ।
মহা গণ্ডগোল হয় শিবিৰ ভিতৰ॥
হাহাকাৰ মহা শব্দ উঠে আচম্বিতে।
প্ৰাণৰ ভয়ত যাই দ্বাৰত পলাইবে॥
খড়গ হাতে দুইজন ৰক্ষা কৰে দ্বাৰ।
বাহিৰ হলেই তাক কয় সংহাৰ॥
বিপাকত পৰি আৰু নেদেখি নিষ্কৃতি।
ঘোৰ ৰণ কৰে সবে দ্ৰৌণিৰ সংহতি॥
দ্ৰোণ পুত্ৰ মহা বীৰ সংগ্ৰামে প্ৰচণ্ড।
কাটিলে সকলো সৈন্য কৰি খণ্ড খণ্ড॥
দাবানলে বন যেন কৰয় দহন।
সেই মতে বধে সেনা দ্ৰোণৰ নন্দন॥
দ্ৰৌপদীৰ পঞ্চ পুত্ৰ তথাতে আছিলে।
শুইয়া আছয় দ্ৰৌণি তাহাঙ্ক দেখিলে॥
হাত ফুৰাইয়া চাই দ্ৰোণৰ নন্দন।
ভাবিলে পাণ্ডব এই ভাই পঞ্চজন॥
মুথে বস্ত্ৰ বান্ধিয়া কাটয় পঞ্চশীৰ।
এই মতে পঞ্চজনে কাটে মহাবীৰ॥
পঞ্চ মুখ বস্তুত বান্ধিলে দ্ৰোণসুত।
পাণ্ডবক নাশি মনে বৰ হৰ্ষযুত॥
সাৰ পাই শিখণ্ডী ধনুক নিলে হাতে।
কৰয় দাৰুণ যুদ্ধ দ্ৰৌণিৰ সহিতে॥
বানে বানে নিবাৰয় দ্ৰৌণৰ নন্দন।
এইরূপে দুয়ো কৰিলেক মহাৰণ॥
শিখণ্ডী সামৰ্থ্য মতে মাৰে দ্ৰোণসুতে।
দৈব বল হেতু তাৰ অঙ্গক নুফুটে॥
বজ্ৰ মুষ্টি মাৰে দ্ৰোণি শিখণ্ডীৰ মাথে।
গুড়ি হই গলে মুণ্ড বজ্ৰ মুষ্ট্যাঘাতে॥
এই মতে শিখণ্ডীক কৰিলে সংহাৰ।
একজনো অবশেষ নেৰাখিলে আৰ॥
পঞ্চ মুণ্ড লই দ্ৰোণী যায় আনন্দত।
দুইজন সঙ্গে আসি মিলিলে দ্বাৰত॥
দ্ৰৌণী কয় হলে মোৰ প্ৰতিজ্ঞা পুৰণ।
পাণ্ডব প্ৰভৃতি আৰু নাই কোনোজন॥
পঞ্চ পাণ্ডবৰ মুণ্ড দেখাহাঁ সাক্ষাতে।
দুৰ্য্যোধনে ভেটিবোহো বঁলা ত্বৰান্বিতে॥
শুনিয়া হৈলেক দুয়ো আনন্দিত মন।
মহানন্দে মগ্ন হয় দ্ৰোণৰ নন্দন॥
নিৰ্ভয় হৃদয়ে সবে কৰিলে গমন।
দুৰ্য্যোধনে বিচাৰিয়া ভ্ৰমে বহুক্ষণ॥
ৰাজা ৰাজা বুলি ডাক ছাৰে ঘনে ঘনে।
মহা অন্ধকাৰ নিশা পথক নিচিনে॥
ৰাজা ৰাজা কৰি বিচাৰিলে বহুতৰ।
শব্দ শুনি দুৰ্য্যোধন দিলেক উত্তৰ॥
ৰাজাৰ ওচৰে আসে বীৰ তিন জন।
গৰ্ব্ব কৰি কয় কথা দ্ৰোণৰ নন্দন॥
অবধান কৰি শুনা ৰাজ। দুৰ্য্যাধন।
পাণ্ডব প্ৰভৃতি আৰু নাই কোনো জন॥
পাঞ্চাল বিৰাট আদি যতেক আছিলে।
মোহোৰ হাতত আজি সবেও মৰিলে॥
যি প্ৰতিজ্ঞা কৰিছিলো আগত তোমাৰ।
আজি মই কৰিলোহো পুৰণ যে তাৰ॥
পঞ্চ পাণ্ডবৰ মুণ্ড দেখা সাক্ষাত।
একজনো নাই আৰু পাণ্ডৱ সৈন্যত॥
হেন শুনি হৰষিত হলে দুয্যোঁধন।
সাধু সাধু বুলি ৰাজা কয় সু-বচন॥
পৰি আছিলেক বীৰ মাটীৰ ওপৰ।
বাহু যুগে ভৰ দিয়া উঠিলে সত্বৰ॥
ৰিপুনাশ শুনি ৰাজা আনন্দিত হলে।
পাণ্ডবৰ মুণ্ড দ্ৰৌণী বীৰক খুজিলে॥
ধন্য মহাবীৰ তুমি গুৰুৰ নন্দন।
মোহোৰ পৰা কাৰ্য্য কৰিলা সাধন॥
পঞ্চ মুণ্ড আনি দিয়া দেখিম নয়নে।
ভীমৰ মুৰক মই ভাঙ্গিম চৰণে॥
শুনি পঞ্চমুণ্ড দ্ৰৌণী দিলে সেই ক্ষণ।
হাত ফুৰাইয়া চায় ৰাজা দুৰ্য্যোধন॥
কৃষ্ণাৰ দ্বিতীয় পুত্ৰ ভীমৰ আকৃতি।
ভীম বুলি তাক বাচি ললে কুৰুপতি॥
দুই হাতে ধৰি মুণ্ড গোটাক ভাঙ্গিলে।
তিলবৎ মুণ্ড গোটা গুড়ি হই গলে॥
দেখিয়া কৌৰব পতি মানিলে বিস্ময়।
পাণ্ডবৰ মুণ্ড ইটো কদাচো নহয়॥
একে একে পঞ্চমুণ্ড ভাঙ্গে দুৰ্য্যোধন।
জানিলে পাণ্ডব নোহে এই পঞ্চজন॥
পৰ্ব্বত সমান মোৰ গদা গুৰুতৰ।
কতবাৰ প্ৰহাৰিলো মূৰৰ উপৰ॥
পৰ্ব্বত সবক তাঙ্গে কৰি গদাঘাত।
বক হিড়িম্বক আদি কৰিলে নিপাত॥
হেনয় ভীমক মাৰে দ্ৰোণীৰ কি শক্তি।
এই বুলি দীৰ্ঘ শ্বাস পড়ে নৰপতি॥
বিষাদ ভাবিয়া কয় অশ্বত্থামা প্ৰতি।
বংশ নাশ কৰি তুমি কি কৰিলা গতি॥
কি কৰ্ম্ম কৰিলা তুমি দ্ৰোণৰ নন্দন।
দ্ৰৌপদীৰ পঞ্চপুত্ৰ এই পঞ্চ জন॥
শিশু সকলক বধি কি কাৰ্য্য সাধিলা।
কূৰুকুলে জল পিণ্ড দিবে নাৰাখিলা॥
পাণ্ডবে বধিবে কিবা আছয় শকতি।
যি সবৰ সখা হৰি কমলাৰ পতি॥
নিৰ্ব্বংশ কৰিলা তুমি ভাই পঞ্চজনে।
কুৰুকুলে বংশ নাশ হলে আজি ৰণে॥
এই বুলি মহা শোকে কান্দে বহুতৰ।
হৰ্ষ বিষাদত ৰাজা এৰে কলেবৰ॥
দেখিয়া ব্যাকুল হলে বীৰ তিনজন।
হাহাকাৰ কৰি বহু কৰিলে ৰোদন॥
দ্ৰৌণিক সম্বুধি কয় কৃপ মহামতি।
কি কৰ্ম্ম কৰিলা তুমি বধি কুৰুপতি॥
হায় দুৰ্য্যোধন ৰাজা বীৰ শিৰোমণি।
তোমা হেন মহাৰাজ বাগৰে ধৰণী॥
সুগন্ধি চন্দনে বিভুষিত কলেবৰ।
সেই কুৰুপতি তুমি ধূলাৰে ধূসৰ॥
উঠা উঠা দুৰ্য্যোধন কুৰুকুল পতি।
পাণ্ডবক জিনি ৰণে ভুঞ্জা বসুমতী॥
উঠি যুদ্ধ কৰা তুমি পাণ্ডবৰ সনে।
শব্দহীনা হই পৰি আছা কি কাৰণে॥
পাসৰিলা কিয় তুমি পূৰ্ব্বৰ কথাক।
শত্ৰুক সংহাৰি কৰা ৰাজসূয় যাগ॥
প্ৰতিজ্ঞা পালন কৰা উঠা দুৰ্য্যোধন।
সমৰত বধা গই পাণ্ডু পুত্ৰগণ॥
সূচ্যাগ্ৰে যতেক ভূমি পাৰে বিন্ধিবাক।
তত খানি ভূমিক নিদিয়া পাণ্ডবক॥
সৰ্ব্ব পৃথিবীক ত্যাগ কৰি কি কাৰণ।
ভূমিত বাগৰি আছা ত্যজি সিংহাসন॥
ইত্যাদি অনেক কান্দি বীৰু তিন জন।
প্ৰস্থানিলে তথা হতে বিৰস বদন॥
হেনকালে কৃপাচাৰ্য্য কয় দ্ৰোণী প্ৰতি।
কি কাৰ্য্য কৰিলা কি কৰিবো সম্প্ৰতি॥
মতিচ্ছন্ন হই তুমি দুষ্কৰ্ম্ম কৰিলা।
পাণ্ডবৰ পুত্ৰ বন্ধু সবাকো নাশিলা॥
গোবিন্দ সাত্যকি আৰু পাণ্ড পুত্ৰগণ।
নেজানোহো কত আছে তান সাতজন॥
শিবিৰত যদি থাকে তাৰ একজন॥
তেন্তে আমাসাৰ তথা নিশ্চয় মৰণ॥
আসম্বাক ৰাখি এই শিবিৰ ভিতৰ।
পাণ্ডব গইছে জানো হস্তীনানগৰ॥
এই সব কথা যদি কৰয় শ্ৰবণ।
পৃথিবী বিচাৰি তোক বধিব জীৱন॥
তোৰ দোষে আমি দুয়ো সঙ্কটে পৰিম।
পাণ্ডবৰ হাতে আজি নিশ্চয় মৰিম॥
দাৰূণ দুৰন্ত ভীম মহা ভীমকায়।
নিশ্চয় মাৰিব সিটো এক গদা ঘায়॥
ঘোৰ ৰণ হন্তে আমি পাইলোহো পাৰ।
পুনৰ্জন্ম বুলি মনে কৰিলো বিচাৰ॥
তোহোৰ দোষত এবে হেৰূয়াম প্ৰাণ।
কোন জনে ভজিবোহো নাই পৰিত্ৰাণ॥
এইৰূপে খেদ কৰি কৰয় বিচাৰ।
শুনি দম্ভ কৰি কয় দ্ৰোণৰ কুমাৰ॥
নুবোঝো ভয়াৰ্ত্ত কিয় হোৱা অতিশয়।
পাণ্ডবৰ হেতু একো নকৰিবা ভয়॥
যদি পাণ্ডবৰ সহ হয় দৰশন।
মোৰ সহ ৰণে জিনিবেক কোন জন॥
যুদ্ধ কৰি পাণ্ডবে পঠাইবো যমালয়।
বধিবো সবাকো মই কলো সু-নিশ্চয়॥
যিটো ব্ৰহ্ম অস্ত্ৰ আছে মোহোৰ হাতত।
তাক নিবাৰিবে শক্তি নধৰে পাণ্ডব॥
ব্ৰহ্ম অস্ত্ৰ সন্ধানিয়া বধিবো পাণ্ডব।
যদি হে নেৰাখে তেওঁ দামোদৰ দেব।
হায় বিধি কোন কাম কৰিবো এখন।
এই বুলি বহু খেদ কৰে তিনি জন॥
দ্ৰৌণীক সম্বুধি কয় কৃপ মহাশয়।
মোহোৰ বাক্যক ধৰ শুনা দুৰাশয়॥
অভয় পঙ্কজ পদ চিন্ত মনে মনে।
সুমতি কুমতি দাতা সেই নাৰায়ণে॥
এইৰূপে তিনি জনে চিন্তান্বিত হলে।
হেন সময়ত বিভাবৰী প্ৰকাশিলে॥
প্ৰাণভয়ে তিন বীৰ তথা না থাকয়।
যায় নগৰৰ মুখে সশঙ্ক হৃদয়॥
ভাৰতে সৌপ্তিক পৰ্ব্ব অপূৰ্ব্ব কথন।
পদ্যছন্দে দেবৰাম কৰে বিৰচন॥
ব্যাসৰ ৰচিত দিব্য ভাৰত পুৰাণ।
শুনিলে আপদ খণ্ডে জন্মে দিব্য জ্ঞান॥
হেন জানি নৰলোকে আন কাম এৰি।
পাতক গুছোক মুখে বোলা হৰি হৰি॥
পদ।
নমো নমো নাৰায়ণ ব্ৰহ্ম সনাতন।
সংসাৰর হেতু ৰূপ দেব নাৰায়ণ॥
তুমি আদি তুমি মধ্য তুমি অন্তৰূপ।
সকলো জগতে এই তব লোমকূপ॥
নমো নমো আদি অৱতাৰ মৎস্যৰূপ।
নমো নৰসিংহ-হিৰণ্যক্ষ বিদাৰক॥
নমো কুৰ্ম্ম অৱতাৰ নমস্তে বামন।
নমো ভৃগুপতি ক্ষত্ৰকুল বিনাশন॥
নমো ৰাম অৱতাৰ ৰাবণ নাশক।
নমস্তে বৰাহ ৰূপ পৃথিবী নায়ক॥
নমো হৰি অৱতাৰ গজেন্দ্ৰ মোক্ষণ।
নমো বুদ্ধ অৱতাৰ পৃথিবী পালন॥
নমো নমো কৃষ্ণ দেৱ জগত আধাৰ।
শ্যাম বৰ্ণ চতুৰ্ভজ প্ৰভূ পীতাম্বৰ॥
গৰুড় বাহন শঙ্খ চক্ৰ গদাধৰ।
পদ্মধৰ কমল লোচন ভয়হৰ॥
মই মহা মুঢ়মতি নেজানো কথন।
ইটো পদ ৰচিলোহো পৰম গহন॥
তথাপিতো সাধুজনে কৃষ্ণ কথা বুলি।
ইয়াক নকৰা হেলা জানিবা সমূলি॥
শাস্ত্ৰক বিচাৰি চাই নকৰিবা হেলা।
ৰাম ৰাম বুলি তৰা ভৱসিন্ধু ভেলা॥
ৰচোঁতাৰ চিনাকী।
গৌতম নামত, খ্যাত ঋৰ্ষি এক,
আছিলে পূৰ্ব্ব কালে।
তাহান গোত্ৰত, ব্ৰহ্মণ কুলত,
বলোৰাম জন্মিছিলে॥
তাহাৰ তনয়, দুইজন হয়,
অকালত এক মৰে॥
প্ৰথম পুত্ৰৰ, নাম লম্বোদৰ,
ফুকন উপাধি ধৰে॥
যোড়হাট নামে প্ৰসিদ্ধ স্থানত
তেওঁ পূৰ্ব্বে জনমিলে।
জীবীকার অৰ্থে ৰাজকাৰ্য্য হেতু
ডিব্ৰূগড়ে নিবসিলে॥
তাহান তনয় চাৰি জন হয়
প্ৰথমত ৰামেশ্বৰ।
তৃতীয় চতুৰ্থ জগত আনন্দ
পঞ্চানন নাম ধৰ॥
দ্বিতীয় পুত্ৰৰ নাম দেবৰাম
হওঁ মই অভাজন।
শ্ৰীদুৰ্গাপ্ৰসাদ নামে হও খ্যাত
বিদ্যাহীন অজ্ঞজন॥
চন্দ্ৰৰ পিঠিত বসু সব স্থাপিত
পক্ষ হয় তাত পৰে।
কুলাচল চয় তাত পৰে হয়
ইটো শক চিহ্ন ধৰে॥
পক্ষৰ অন্তত বহু সংস্থাপিত
মাঘ মাস পুণ্য দিনে।
ইটো পদ পুথি ৰচিলো সম্প্ৰতি
দোষ ক্ষমা বুধ জনে॥
মোৰ পদ বুলি হেলা নকৰিবা
শাস্ত্ৰক বিচাৰি চাবা।
এৰি আন কাম বোলা ৰাম ৰাম
অন্তে বৈকুণ্ঠক পাবা॥
ইতি মহাভাৰত সৌপ্তিক পৰ্ব্বৰ অন্তৰ্গত সৌপ্তিক পৰ্ব্ব
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )