সমললৈ যাওক

পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
সৌপ্তিক পৰ্ব্ব।

নমো নমো কৃষ্ণ দেৱ জগত আধাৰ।
শ্যাম বৰ্ণ চতুৰ্ভজ প্ৰভূ পীতাম্বৰ॥
গৰুড় বাহন শঙ্খ চক্ৰ গদাধৰ।
পদ্মধৰ কমল লোচন ভয়হৰ॥
মই মহা মুঢ়মতি নেজানো কথন।
ইটো পদ ৰচিলোহো পৰম গহন॥
তথাপিতো সাধুজনে কৃষ্ণ কথা বুলি।
ইয়াক নকৰা হেলা জানিবা সমূলি॥
শাস্ত্ৰক বিচাৰি চাই নকৰিবা হেলা।
ৰাম ৰাম বুলি তৰা ভৱসিন্ধু ভেলা॥

⸻⸻
ৰচোঁতাৰ চিনাকী।

গৌতম নামত,   খ্যাত ঋৰ্ষি এক,
  আছিলে পূৰ্ব্ব কালে।
তাহান গোত্ৰত,   ব্ৰহ্মণ কুলত,
  বলোৰাম জন্মিছিলে॥
তাহাৰ তনয়,   দুইজন হয়,
  অকালত এক মৰে॥
প্ৰথম পুত্ৰৰ,   নাম লম্বোদৰ,
  ফুকন উপাধি ধৰে॥