পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
সৌপ্তিক পৰ্ব্ব

দ্ৰৌণি কয় কৃত্তিবাস   কৰো গই শত্ৰুনাশ
  এই বৰ দিয়া মহাশয়॥

___________

 
পদ

পঞ্চানন কয় ইটো কি মতে কৰিম।
দ্বাৰী স্বৰূপত আছে কি ৰূপত দিম॥
এই বৰ এৰি লোৰ যিটো লয় মন।
দ্ৰৌণিয়ে কহয় আনে নাই প্ৰয়োজন॥
যদি তুমি মোহোক নিদিবা এই বৰ।
তোমাৰ আগত মই মৰিম সত্বৰ॥
এই বুলি দিব্য অস্ত্ৰে জ্বালিয়া অনল।
পুৰিয়া মৰিবে যাই দ্ৰোণী মহাবল॥
বহু স্তব কৰিবাক নকৰিলে ক্ৰুতি।
নিবাৰিয়া বৰ লোৱা হয় ধূৰ্জ্জটী॥
দ্ৰোণী কয় যদি বৰ দিব ত্ৰিলোচন।
কৃপা কৰি কৰাঁ মোৰ প্ৰতিজ্ঞা পূৰণ॥
স্তবে বশ হই হয় দিলে সেই বৰ।
পুনৰপি কম দ্ৰোণী যুড়ি দুই কৰ॥
আৰু এক অনুগ্ৰহ কৰা শূলপাণি।
কৃপা কৰি দিয়া মোক তব গড়গ খানি॥