পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সৌপ্তিক পৰ্ব্ব।

মতিচ্ছন্ন হই তুমি দুষ্কৰ্ম্ম কৰিলা।
পাণ্ডবৰ পুত্ৰ বন্ধু সবাকো নাশিলা॥
গোবিন্দ সাত্যকি আৰু পাণ্ড পুত্ৰগণ।
নেজানোহো কত আছে তান সাতজন॥
শিবিৰত যদি থাকে তাৰ একজন॥
তেন্তে আমাসাৰ তথা নিশ্চয় মৰণ॥
আসম্বাক ৰাখি এই শিবিৰ ভিতৰ।
পাণ্ডব গইছে জানো হস্তীনানগৰ॥
এই সব কথা যদি কৰয় শ্ৰবণ।
পৃথিবী বিচাৰি তোক বধিব জীৱন॥
তোৰ দোষে আমি দুয়ো সঙ্কটে পৰিম।
পাণ্ডবৰ হাতে আজি নিশ্চয় মৰিম॥
দাৰূণ দুৰন্ত ভীম মহা ভীমকায়।
নিশ্চয় মাৰিব সিটো এক গদা ঘায়॥
ঘোৰ ৰণ হন্তে আমি পাইলোহো পাৰ।
পুনৰ্জন্ম বুলি মনে কৰিলো বিচাৰ॥
তোহোৰ দোষত এবে হেৰূয়াম প্ৰাণ।
কোন জনে ভজিবোহো নাই পৰিত্ৰাণ॥
এইৰূপে খেদ কৰি কৰয় বিচাৰ।
শুনি দম্ভ কৰি কয় দ্ৰোণৰ কুমাৰ॥