পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৌপ্তিক পৰ্ব্ব

ভীষ্ম দ্ৰোণ কৰ্ণ আৰু শল্য আদি বীৰে।
সেনাপতি কৰি তুমি পূজিলা সাদৰে॥
কোন জনে কোন কৰ্ম্ম কৰিলে ৰাজন।
সবে পাণ্ডবৰ পক্ষ জানিবা ৰাজন॥
সি কাৰণে তোমাৰ নহলে কিছু হিত।
মোৰ ইচ্ছা হয় কিছু কৰোঁহো বিহিত॥
তব অপমান মোৰ সহন না যায়।
সেনাপতি কৰা মোক কৌৰব তনয়॥
মোক সেনাপতি কৰিলাহা যদি ৰণে।
তেন্তে তব শত্ৰু সব নেথাকে জীৱনে॥
মোৰ বীৰপনা তুমি জানা ভাল মতে।
কোন জন ৰণিবেক মোহোৰ সহিতে॥
ইন্দ্ৰ যম কুবেৰ বৰুণ হুতাশন।
মোৰ সহ ৰণে জিনিবেক কোন জন॥
একদিনো যুক্তিক নকলা মোৰ সহ।
নিজৰ বুদ্ধিত তুমি নাশিলা বৈভব॥
জন্মাবধি তব গৃহে হইছো পালিত।
সিকাৰণে কৰিবাক চাওঁ তব হিত॥
যদি এতিয়াও সেনাপতি কৰা মোক।
নিশ্চয় নাশিম মই পাণ্ডৰ সবক॥