পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
সৌপ্তিক পৰ্ব্ব।

যোড়হাট নামে   প্ৰসিদ্ধ স্থানত
  তেওঁ পূৰ্ব্বে জনমিলে।
জীবীকার অৰ্থে   ৰাজকাৰ্য্য হেতু
  ডিব্ৰূগড়ে নিবসিলে॥
তাহান তনয়   চাৰি জন হয়
  প্ৰথমত ৰামেশ্বৰ।
তৃতীয় চতুৰ্থ   জগত আনন্দ
  পঞ্চানন নাম ধৰ॥
দ্বিতীয় পুত্ৰৰ  নাম দেবৰাম
  হওঁ মই অভাজন।
শ্ৰীদুৰ্গাপ্ৰসাদ   নামে হও খ্যাত
  বিদ্যাহীন অজ্ঞজন॥
চন্দ্ৰৰ পিঠিত   বসু সব স্থাপিত
  পক্ষ হয় তাত পৰে।
কুলাচল চয়   তাত পৰে হয়
  ইটো শক চিহ্ন ধৰে॥
পক্ষৰ অন্তত   বহু সংস্থাপিত
  মাঘ মাস পুণ্য দিনে।
ইটো পদ পুথি   ৰচিলো সম্প্ৰতি
  দোষ ক্ষমা বুধ জনে॥