পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৌপ্তিক পৰ্ব্ব।

একেশ্বৰ দুৰ্য্যোধন পৰি ৰৈলে তথা।
উৰু ভাগি পৰি আছে মনে পায় ব্যথা॥
আমাবস্যা ৰাত্ৰি সিটো ঘোৰ অন্ধকাৰ।
ৰণস্থলে প্ৰেত ভূত কৰয় বিহাৰ॥
চতুঃপাৰ্শ্বে শব্দ কৰে যত শিবাগণ।
মহাভয়ে কুৰুক্ষেত্ৰে নাহে কোনজন॥
হেনকালে উপনীত তথা তিন জন।
কৃপ কৃতবৰ্ম্মা আৰু দ্ৰোণৰ নন্দন॥
দুৰ্য্যোধন হেতু বহু কৰয় বিলাপ।
কোন মহাজনে হেন দিলে অভিশাপ॥
সমস্ত পৃথিবী পতি ৰাজা দুৰ্য্যোধন।
ধৰণীত পৰি আছে মহা দুঃখ মন।
একাদশ অক্ষৌহিনী আৰু যত বীৰ।
ভীষ্ম দ্ৰোণ কৰ্ণ আদি প্ৰশান্ত শৰীৰ॥
সকলো হৈলেক নাশ মাত্ৰ আমি আছো।
হেন কালে কয় দ্ৰোণী কি কাম কৰিছো॥
ধৃষ্টদ্যুম্ন বধে মোৰ প্ৰতিজ্ঞা আছয়।
সেই বুলি মহা ক্ৰোধে ৰাজাত কহয়॥
অবধান কৰা মহাৰাজ দুৰ্য্যোধন।
মনযোগ কৰি শুনা মোহোৰ বচন॥