পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
সৌপ্তিক পৰ্ব্ব।

হস্ত পদ উদৰত কৰাইল প্ৰবেশ।
পশুৰ ৰূপক কৰি ভাঙ্গে মধ্য দেশ॥
ভীমে যেন কীচকক কৰিলে সংহাৰ।
সেইৰূপে কৰিলেক কুষ্মাণ্ড আকাৰ॥
সবাকো বধিলে অশ্বত্থামা একেশ্বৰ।
মহা গণ্ডগোল হয় শিবিৰ ভিতৰ॥
হাহাকাৰ মহা শব্দ উঠে আচম্বিতে।
প্ৰাণৰ ভয়ত যাই দ্বাৰত পলাইবে॥
খড়গ হাতে দুইজন ৰক্ষা কৰে দ্বাৰ।
বাহিৰ হলেই তাক কয় সংহাৰ॥
বিপাকত পৰি আৰু নেদেখি নিষ্কৃতি।
ঘোৰ ৰণ কৰে সবে দ্ৰৌণিৰ সংহতি॥
দ্ৰোণ পুত্ৰ মহা বীৰ সংগ্ৰামে প্ৰচণ্ড।
কাটিলে সকলো সৈন্য কৰি খণ্ড খণ্ড॥
দাবানলে বন যেন কৰয় দহন।
সেই মতে বধে সেনা দ্ৰোণৰ নন্দন॥
দ্ৰৌপদীৰ পঞ্চ পুত্ৰ তথাতে আছিলে।
শুইয়া আছয় দ্ৰৌণি তাহাঙ্ক দেখিলে॥
হাত ফুৰাইয়া চাই দ্ৰোণৰ নন্দন।
ভাবিলে পাণ্ডব এই ভাই পঞ্চজন॥