পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সৌপ্তিক পৰ্ব্ব।

হায় দুৰ্য্যোধন ৰাজা বীৰ শিৰোমণি।
তোমা হেন মহাৰাজ বাগৰে ধৰণী॥
সুগন্ধি চন্দনে বিভুষিত কলেবৰ।
সেই কুৰুপতি তুমি ধূলাৰে ধূসৰ॥
উঠা উঠা দুৰ্য্যোধন কুৰুকুল পতি।
পাণ্ডবক জিনি ৰণে ভুঞ্জা বসুমতী॥
উঠি যুদ্ধ কৰা তুমি পাণ্ডবৰ সনে।
শব্দহীনা হই পৰি আছা কি কাৰণে॥
পাসৰিলা কিয় তুমি পূৰ্ব্বৰ কথাক।
শত্ৰুক সংহাৰি কৰা ৰাজসূয় যাগ॥
প্ৰতিজ্ঞা পালন কৰা উঠা দুৰ্য্যোধন।
সমৰত বধা গই পাণ্ডু পুত্ৰগণ॥
সূচ্যাগ্ৰে যতেক ভূমি পাৰে বিন্ধিবাক।
তত খানি ভূমিক নিদিয়া পাণ্ডবক॥
সৰ্ব্ব পৃথিবীক ত্যাগ কৰি কি কাৰণ।
ভূমিত বাগৰি আছা ত্যজি সিংহাসন॥
ইত্যাদি অনেক কান্দি বীৰু তিন জন।
প্ৰস্থানিলে তথা হতে বিৰস বদন॥
হেনকালে কৃপাচাৰ্য্য কয় দ্ৰোণী প্ৰতি।
কি কাৰ্য্য কৰিলা কি কৰিবো সম্প্ৰতি॥