সিপুৰীৰ বাতৰি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সিপুৰীৰ বাতৰি
লেখক বেণুধৰ ৰাজখোৱা
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক
[  ]

সিপুৰীৰ বাতৰি।



শ্ৰীবেণুধৰ ৰাজখােৱাৰ দ্বাৰা ৰচিত।



যােৰহাট, ১৯২৯ চন।

———

[  ]

উপহাৰ।

মোৰ ভক্তি আৰু মৰমৰ পাত্ৰ

  অসমীয়া ৰাইজ সকললৈ।


শ্ৰদ্ধাস্পদেষু,

 “সিপুৰীৰ বাতৰি” সম্মোহন অৱস্থাত লিখি আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ। মোৰ জীৱনৰ অভিনয় অলপতে শেষ হব। আঁৰ-কাপোৰৰ সিপাৰে কি হৈছে, তেতিয়া কোনোৱে জানিবৰ নিমিত্তে ইচ্ছা কৰিলে কবিতাটি পঢ়ি চাব যেন। ইতি—


বিনীত—
শ্ৰীবেণুধৰ ।

[  ]

সিপুৰীৰ বাতৰি।
(১)

  মৰণ-দুৱাৰ  এৰিলো ইবাৰ
  নাই অন্ধকাৰ,  পোহৰ অপাৰ;
গই গই পালোঁ এটি বিশ্ৰাম-ভৱন
বহিলোঁ ঠাইতে পাই এখনি আসন।

(২)

  অকলশৰীয়া,  লাগে বৰ বেয়া
  নাই লগৰীয়া, ভাবোঁ এয়া-সেয়া;
পতা নাই কথা মই আজি বহু পৰ।
পাম নে লগৰী কোনো বাটৰ লগৰ?

(৩)

  দীৰ্ঘ-আয়তনা,  আতি সুলোচনা
  এনেতে এজনা  উপস্থিত কন্যা;
হব পায় এওঁ কোনো স্বৰ্গ-অপেচৰী।
আহিছে হবলৈ মোৰ বাটৰ লগৰী।

(৪)

  “আহিছা নো কোন্‌, যেনে কেঁচা সোণ,
  ধৰি কত ধুন,  বুজাই আপোন?
মনে মনে থাকি মই বৰ বেয়া পাওঁ।
আহাঁ দুয়ো কথা পাতি ভাগৰ গুচাওঁ।”

[  ]
(৫)

  চাওঁ মুখলই একেথৰ হই;
  মাত-বোল নাই, আছোঁ মাথোঁ চাই;
দেখিছিলোঁ সুন্দৰীক ক’বাত কিজানি!
লাগিছে চিনাকি যেন দেখোন মু’খনি!

(৬)

  মনোভাৱ জানি, লাহেকৈ কামিনী
  বুলিলে বচনি, মৃদু-মধু ধ্বনিঃ—
“তৱ প্ৰেম-ভিখাৰিণী ছিলোঁ একালত ।
প্ৰত্যাখ্যান কৰিছিল, পৰে নে মনত? ”

(৭)।

  পূৰ্ব্ব বিবৰণ কৰি সোৱঁৰণ,
  লাজত মগন হলোঁ তেতিক্ষণ;
মনোভাৱ বুজি মোৰ বুলিলে সুন্দৰী,
মধুৰ বচন মিচিকীয়া হাঁহি মাৰিঃ—

(৮)

  নোপোৱাঁ হে ব্যথা, এৰাঁ পূৰ্ব্ব কথা;
  নাভাবাঁ অযথা পৃথিবীৰ প্ৰথা;
জগতক দেখুৱালোঁ ওখ পাটোৱান ।
সতীত্ব-গুণেৰে পাওঁ এই মহাথান ।

[  ]
(৯)

  “ভয় পোৱাঁ বুলি জানি হে সমূলি
  নিবলৈ ইবেলি আহোঁ এই থলী;
আহিছোঁ তোমাৰ মই গুচাবলৈ শোক ।
জানিবা কামনা-শূন্য বুলি আজি মোক ।”

(১০)

  কৰিলোঁ প্ৰস্থান এৰি সেই থান;
  পুৰীৰ ব্যাখ্যান, কত কথা জান
দিলে মোক আগ্ৰহেৰে বাটত সুন্দৰী ।
বুজালে পুৰীৰ নানা দৃশ্য দয়া কৰি ।

(১১)

  যাওঁতে যাওঁতে, খোজ চলাওঁতে,
  খোজটি ওভতে, চলোঁ কোনো মতে;
“কোৱাঁ হে সুন্দৰী কিয় চলা নাই ভৰি ।
কিহবাই টানে মোক পিচ ফালে ধৰি !”

(১২)

  “একোটি নহয়, নাই একো ভয় ,
  ব’লাঁ আগলই, ব্যৱস্থিত হই;
পৃথিবীৰ প্ৰিয়জনে কৰিছে চিন্তন ।
সেয়ে পিচ ফালে কৰে জানা আকৰ্ষণ ।”

[  ]

(১৩)

  পালোঁ গৈ আলয়, প্ৰকাণ্ড দুৰ্জ্জয়,
  দেখি লাগে ভয়, চিত্তৰ সংশয়;
নৰ-নাৰী কত তাত সংখ্যাৰ অতীত।
দেখি মোৰ অন্তঃপ্ৰাণ হল বিচলিত।

(১৪)

  হল আদৰ্শন ৰমণী-ৰতন,
  প্ৰবোধ-বচন বুলি ঘনে-ঘন;
সুন্দৰীক আৰু দেখা পাম কোনো কালে?
উভতি আহিম বুলি দেখেন নকলে!

(১৫)

  দুন্দুভিৰ মাত উঠি অকস্মাত্
  মন্দিৰৰ গাত হল প্ৰতিঘাত;
নৰ নাৰী যত আমি ভিতৰ সোমালোঁ।
মন্দিৰত আদেশৰ প্ৰতীক্ষা কৰিলোঁ।

(১৬)

  পুৰুষ-প্ৰবৰ, উঠি মঞ্চ বৰ,
 কৰিলে প্ৰচাৰ আদেশ ইবাৰ।
মহান্ পুৰুষ কোন্, ৰূপ অদভুত?
জানিলোঁ স্বৰ্গত এওঁ ঈশ্বৰৰ দূত।

[  ]

(১৭)

  “নিজ ইচ্ছা মতে ফুৰাঁ যতে ততে,
  সকলো দেশতে, অ'তে সংসাৰতে;
বছৰ-শেষত হব প্ৰতি-আগমন।
কৰিম নতুন আজ্ঞা পুনু বিজ্ঞাপন।

(১৮)

  “এই এবছৰ ফুৰিবা নগৰ,
  পৰ্ব্বত প্ৰান্তৰ, দেশ-দেশান্তৰ;
আত্মাৰ শোধন হেতু কৰিবা প্ৰয়াস।
কৃপাৱন্ত ঈশ্বৰৰ এয়ে অভিলাষ।”

(১৯)

  গলোঁ নৰ নাৰী নিজ বাট ধৰি,
  কৰি খৰাখৰি, ইচ্ছা অনুসৰি;
আনন্দত হাঁহি-মাতি লৰিলোঁ সকলো।
ভাবিলোঁ ঈশ্বৰ, আহা, কেনে নো দয়ালু!

(২০)

  কৰি খৰধৰ, মাৰিলোঁ। লৱৰ;
  ভৱ-সংসাৰৰ আহি পালোঁ ঘৰ;
সহধৰ্ম্মিণীক মই চালোঁ হেঁপাহেৰে।
পৰিছে প্ৰিয়াৰ হাঁয় চকুলো ধাৰেৰে!

[ ১০ ]

(২১)

  বাসনাৰ বল জ্বলিল প্ৰৱল;
  মন টলবল, বাৰিষাৰ ধল;
সৰগলৈ কেতিয়াও নাযাওঁ উলটি।
থাকিম ইয়াতে মই কৰি লাটি-পুটি।

(২২)

  কি হব, কি হব, কোনে আনি দিব
  দেহাটি পাৰ্থিব মধুৰ অতীব
নালাগে, নোৱাৰোঁ মই আহিব ইয়ালৈ।
সতীয়ে মোক বিচাৰি যাব সৰগলৈ!

(২৩)

  কৰিলোঁ দৰ্শন আত্মীয় স্বজন,
  ইষ্ট বন্ধুগণ, প্ৰজা অগণন;
দেখি পৃথিবীলৈ মোৰ বাঢ়িল মৰম।
হব নে ধৰাত মোৰ দুনাই জনম?

(২৪)

  অসমীয়া জন দুখী আজীৱন;
  ধৰিছে জীৱন যেন তৰু-বন;
জগতত অসমীয়া নিঃকিঞ্চন আতি।
বিলুপ্ত হব নে হাঁয় এই মহাজাতি?

[ ১১ ]
 
(২৫)

 দেখোঁ নাৰীগণ, শিক্ষা-দীক্ষা ছন ;
 নাই জাগৰণ,  টোপনি-মগন ;
যি দেশত মহিলাৰ শক্তি লুপ্তপ্ৰায়,
পুৰুষৰ শক্তি তাত নোলায় নোলায় ।

(২৬)

 আজি হে ধৰণী,  অসম-জননী
 কৰে আকৰ্ষণী   মোৰ ই পৰাণি ;
নিশ্চয় ধৰাত মই উপজিম ঘূৰি—
আহিব পাৰোঁ হে যদি এৰি সূক্ষ্ম পুৰী ।

(২৭)

 বায়ুৰ বাহন  কৰি আৰোহণ,
 উঠিলোঁ গগন, এৰি গিৰি বন ;
কুণ্ডিল নগৰীখনি চালোঁ এটি বাৰ ।
প্ৰণামিলোঁ ভক্তিভাৱে দেবী কামাখ্যাৰ ।

(২৮)

 নদী ব্ৰহ্মপুত্ৰ  আতিকৈ পবিত্ৰ,
 জুৰালোঁ হে নেত্ৰ,  চাই তাৰ চিত্ৰ ;
অসম-কোলাত এয়ে স্বৰ্গ-মন্দাকিনী !
ইয়াৰ পানীতে গঁথা পুৰণি কাহিনী !

[ ১২ ]
 
(২৯)

 দেহাটি উলাহি,  বায়ুত আৰোহি,
 গলোঁ পুনু ভাহি, কত নো পালোঁ হি
নগৰ পৰ্ব্বত নদী অৰণ্য বিস্তৰ ।
ফুৰিলোঁ চৌদিশে মই ভাৰতবৰ্ষৰ ।

(৩০)

 তাৰ পাচে দেশ  ফুৰিলোঁ অশেষ—
 ৰীতি, ভাষা, বেশ   নিৰখি বিশেষ;
কৰিলোঁ গেটেই মই মহী-পৰ্য্যটন ।
অসম-ভুমিলৈ বাঢ়ে ক্ৰমে আকৰ্ষণ ।

(৩১)

 বহু কাল ফুৰি,  দেশে দেশে ঘূৰি,
 সৰগৰ পুৰী  পাবলই উৰি
গলোঁ গৈ মনত কত কথা জাৰি-চালি ।
সিপুৰীৰ নানা দৃশ্য চাবলই বুলি ।

(৩২)

 পালোঁ গৈ সিপুৰী;  পূৰ্ব্বৰ সুন্দৰী,
 পুনু দয়া কৰি,  আহিল কাষৰি ।
“তোমালৈ অপেক্ষি আছোঁ, বলাঁ দেখুৱাওঁ
পুৰীৰ বিচিত্ৰ দৃশ্য, নানা আও-ভাও ।

[ ১৩ ]
 
(৩৩)

 “সউ ফুল-বাৰী  অতি মনোহাৰী ;
 সুন্দৰ সুন্দৰী  থাকে ক্ৰিয়া কৰি ;
সাধু সাধ্বী দুয়ো জনে কৰিছে বিহাৰ ।
সুপবিত্ৰ জীৱনৰ এয়ে পুৰস্কাৰ ।

(৩৪)

 “সউ যে নদীত ফুৰে নিতে-নিত
 হই হৰিষত,  প্ৰেমত মোহিত ;
খেল-নাও খেলি ফুৰে সুন্দৰ বিচিত্ৰ ।
যুগল-মূৰ্ত্তিৰ এয়ে আন এটি চিত্ৰ ।

(৩৫)

 “চোৱাঁ সউ তাত  মাজুলী বিখ্যাত,
 লোক অসংখ্যাত  আছে বিচেষ্টাত ;
পৃথিবীত বহু ধৰ্ম্ম কৰি আচৰণ,
ফলত কৰিলে আহি স্বৰ্গ-আৰোহণ ।

(৩৬)

 “কাম-অগণিত  জ্বলি পৃথিৱীত
 হয় উপস্থিত কামৰ পুৰীত;
কাম-নদী বয় মাজুলীৰ চাৰি পাশে।
সিপাৰে বিহাৰে কত নাৰী লয়-লাসে।

[ ১৪ ]
 
(৩৭)

 “থাকে নৰগণ  শোকত মগন,
 নাৰীৰে মিলন  নোহে কদাচন;
কালত মানুহে কাম কৰিব দমন।
কাম-প্ৰবৃত্তিৰ হব তেতিয়া শোধন।

(৩৮)

 “সউ ভয়ঙ্কৰ  প্ৰাচীৰ ডাঙ্গৰ,
 ক্ৰোধী মানুহৰ  সেয়ে জানা ঘৰ;
মৰামৰি কৰি হয় জৰ্জ্জৰিত ক্লান্ত।
ক্ৰোধ দমন হয় কালত নিতান্ত।

(৩৯)

 “সউ যে আলয়  আছে থিয় হই,
 লোভী নৰে পায়  তাতেই আশ্ৰয়;
বিৰকতি জন্মে ভুঞ্জি বস্তু অগণন।
লোভ-প্ৰবৃত্তিৰ হয় কালত দমন।

(৪০)

 “সউ শুক্লবৰ্ণ  ঘৰ জ্যোতিপূৰ্ণ;
 মোহত আচ্ছন্ন  মতি-গতি ছন্ন
নৰ-নাৰী পতি-পুত্ৰ কৰিছে বসতি।
লাহে লাহে হয় তাতে মোহ নিবৃত্তি।

[ ১৫ ]
 
(৪১)

 “মােহৰ উদয় যেতিয়াই হয়,
 ক্ষণিকে নিশ্চয়  পায় জানা ক্ষয়
মােহ-প্রবৃত্তিৰ বস্তু অতি মনােহৰ,
মােহ-প্রাপ্ত মানৱক কৰি সকাতৰ ।

(৪২)

 “যেৱে দিন যায়,  মোহ নাশ পায় ;
 এন্ধাৰ পলায়,  সু-জ্ঞান ওলায় ;
অনুক্রমে প্রবৃত্তিৰ হয় নিৰ্ব্বাপন ।
ইদৰে বিশুদ্ধ হয় মোহী নৰগণ ।

(৪৩)

 “সউ যে পৰ্ব্বত  দেখিছা দূৰত,
 নৰ সি থানত  আছে অৱনত ;
পৃথিবীত ইতৰক কৰি তৃণজ্ঞান,
কৰিছিল সকলোকে কত অপমান ।

(৪৪)

 “ইজন অকলে,  সিজন অকলে ;
 গৰালে গৰালে  আবদ্ধ নিৰলে ;
ওখ আসনত বহি ঐশ্বৰ্য্য-মাজত
ভাবিছেঁ ময়েই দুখী বিশ্ব-ব্রহ্মাণ্ডত ।

[ ১৬ ]
 
(৪৫)

 “একো একো জন  গৰ্ব্বিত নন্দন,
 স্বৰ্ণ-সিংহাসন  ধিক্কাৰে সঘন ;
দম্ভ বুজাবলৈ কোনো লগৰীয়া নাই ।
মদান্ধ নৰৰ জানা এয়েই বিলাই ।

(৪৬)

 “ক্ৰমে ভাবি চায়,  দম্ভ আঁতৰায়,
 মূৰাটি দোঁৱায়,  কৰি হাঁয় হাঁয় ;
এইৰূপে প্ৰবৃত্তিৰ হয় নিৰ্ব্বাপন ৷
ইদৰে শোধিত হয় মদমত্ত জন ।

(৪৭)

 “সউ চোৱাঁ গড়,  মাৎসৰ্য্যৰ ঘৰ,
 যত নাৰী নৰ  পৰশ্ৰী-কাতৰ ;
পৰশ্ৰী নিৰখি যতমানে শোক পায়,
পৰৰ ঐশ্বৰ্য্য তত গুণে বাঢ়ি যায় ।

(৪৮)

 “ইদৰে প্ৰবৃত্তি  ক্ৰমে যায় টুটি ;
 নৰ লটি-ঘটি,  নিৰাশ সম্প্ৰতি ;
নৰৰ ইৰূপে হয় প্ৰবৃত্তি-শোধন ।
দয়াময় ঈশ্বৰৰ বিচিত্ৰ শাসন !”

[ ১৭ ]
 
(৪৯)

 কাণেৰে বচন  কৰিলোঁ শ্ৰৱণ;
 হৃদয়-কম্পন  নোহে একো ক্ষণ;
হৃদয়ত ভাবোঁ মাথোঁ পৃথিবী স্নেহৰ,
ভাৰ্য্যা বন্ধু অসমৰ প্ৰিয় নাৰী নৰ ।

(৫০)

 বুলিলে সুন্দৰী,  “কোঁৱা নিষ্ঠ কৰি,
 ৰিপুৰ বাতৰি  শুনি আছা ডৰি?
আৰু শোধনৰ হেতু আছে সৰোবৰ ৷
স্নান কৰি হব পাৰি নিৰ্ম্মল-অন্তৰ ।

(৫১)

 “ছয় সৰোবৰ  সৌৱা মনোহৰ,
 বহল ডাঙ্গৰ,  পানী নিকা বৰ;
প্ৰত্যেক ৰিপুৰ চোৱাঁ ভিন্ন সৰোবৰ।
স্নানিলে এৰায় সেই ৰিপুৰ বিকাৰ।

(৫২)

 “তন্ময় ভাবেৰে  যদি স্নান কৰে,
 তেনেহলে নৰে  শুদ্ধ হব পাৰে;
তেতিয়াও যদি কাৰো নহয় শোধন,
কৰিব ঈশ্বৰে নৱ আজ্ঞা বিজ্ঞাপন ।”

[ ১৮ ]

(৫৩)

  ভয় ভয় কৰি শুধিলোঁ—“সুন্দৰী,
  নৰকলৈ পৰি সেই নৰ নাৰী
যাব নে, যাব নে কোৱাঁ, কৰি অনুগ্ৰহ।
নৰকত হয় বোলে পাপীৰ নিগ্ৰহ!”

(৫৪)

  বুলিলে সুন্দৰী— “কওঁ নিষ্ঠ কৰি,
  নৰক-বাতৰি জনাব নোৱাৰি।
জনা নাই মই, ক’ত নৰকৰ ধাম।
নহব সন্ত্ৰস্ত শুনি নৰকৰ নাম।

(৫৫)

  “জানো মাথোঁ মই, প্ৰবৃত্তিৰ হয়
  দাস সমুদায় মানুহ নিশ্চয়;
প্ৰবৃত্তি-বিকাৰ ঘটি আহে নৰ নাৰী।
সবাৰো শোধন সাধে এই সূক্ষ্ম পুৰী।

(৫৬)

  “বিকাৰ পাচত ৰয় অন্তৰত
  যদি ই থানত পৰীক্ষা-শেষত—
তেনেহলে যাব তেওঁ সংসাৰ-ধামলৈ,
বলৱন্ত প্ৰবৃত্তিৰ শুদ্ধি সাধিবলৈ।

[ ১৯ ]

(৫৭)

  “যত কাল নৰে আত্মাৰ বলেৰে
  সুকৃতি-কৰ্ম্মেৰে মুছিব নোৱাৰে
অন্তৰত প্ৰবৃত্তিৰ সাঁচ কোনো মতে,
তত কাল জন্ম লব ঘূৰি সংসাৰতে।

(৫৮)

  “আকৰ্ষণী স্বৰ হব হে আঁতৰ
  যেৱে অন্তৰৰ প্ৰবৃত্তি বাদ্যৰ—
সিদিনা মানুহে পাব আনন্দৰ ধাম।
শান্তিৰ ৰাজ্যত লব ঈশ্বৰৰ নাম!

(৫৯)

  “ঈশ্বৰ-দৰ্শন হব সৰ্ব্বক্ষণ;
  সাধু সাধ্বী জন কৰিব কীৰ্ত্তন
ঈশ্বৰৰ মহানাম বিমল সুখত।
নহব পতন আৰু ভৱ-সংসাৰত।”

(৬০)

  দেখোঁ কত চিত্ৰ, সুথান বিচিত্ৰ,
  আশ্ৰম পবিত্ৰ, ইষ্ট বন্ধু মিত্ৰ;
অত দিনে পূৰ্ণ হল বৰ্ষ ফুৰি ফুৰি।
চালে মোৰ মুখলই নিমাতে সুন্দৰী।

[ ২০ ]

(৬১)

  লাহে লাহে কৰি বচন সুন্দৰী
  বুলিলে সাদৰি, মনোমুদ্ধকাৰীঃ—
“তৱ সতী ভাৰ্য্যা আহি পালে এই থান।
যোৱাঁ মন্দিৰত হব তেওঁৰে দৰ্শন।

(৬২)

  “দেখোঁ এটি চিত্ৰ আতিকৈ পবিত্ৰ,
  অনিন্দ্য-চৰিত্ৰ, মোহন বিচিত্ৰ,
তোমাৰ মুখত খেলে কেনে সুখকৰী!
তাতেই পাইছোঁ তৱ ভাৰ্য্যাৰ বাতৰি।

(৬৩)

  “মায়াৰ বন্ধন কৰিলোঁ ছেদন;
  মুক্ত প্ৰাণ-মন হল এতিক্ষণ;
প্ৰবৃত্তিৰ শেষ-গাঁথি পৰিল সুলকি।
নাই হে মায়াৰ জানা লেশ মোৰ বাকি”।

(৬৪)

  হৰিল বচন মুদিলোঁ নয়ন;
  আদৰ-জ্ঞাপন প্ৰীতি-সম্ভাষণ,
একোটি নহল কৰা, নিদিলোঁ বিদায়!
নেদেখিলোঁ সুন্দৰীক চকু মেলি চাই!

[ ২১ ]

(৬৫)

  সমিৰণ-বাহী, গলোঁ মই ভাহি,
  অকলই আহি মন্দিৰ পালোঁ হি;
দেখোঁ সম্মুখত মোৰ পত্নী প্ৰিয়তমা ।
আনন্দত কান্দে মোৰ অন্তৰ-আতমা!

(৬৬)

  পূৰ্ব্বৰ দৰেই আছে তেওঁ দেই;
  মুখখনি সেই মধুৰ নিচেই;
লয়লাসে চাপি মোক প্ৰণিপাত কৰে।
বুলিলে বচন পাচে অতি মৃদু স্বৰে:—

(৬৭)

  “তুমি মোৰ মতি, তুমি মোৰ গতি,
  তোমাতে ভকতি কৰি আছোঁ নিতি;
যদি হে তোমাতে মোতে নাই একো ভেদ,
কোনো যুগে আমাসাৰ নহব বিচ্ছেদ!”

(৬৮)

  বুজিলোঁ প্ৰেমৰ আকৰ্ষণি ঘোৰ;
  মলিনতা মোৰ হল আজি দূৰ;
পাৰ্থিব মোহৰ স্পৰ্শ হল অন্তৰ্হিত!
অলৌকিক আকৰ্ষণ হল আহি থিত!

[ ২২ ]
 

(৬৯)

  শুনিলোঁ গম্ভীৰ ধ্বনি দুন্দুভিৰ;
  আহি ধীৰে-ধীৰ সোমালোঁ মন্দিৰ;
লগতে সোমাল কান্তা নিৰাতঙ্ক-মন।
দুৱৰীক ধৰষিলে সতীত্ব-কিৰণ!

(৭০)

  হলোঁ চিন্তাযুত, ভাবনা বহুত;
  মহিমা-সংযুত ঈশ্বৰৰ দূত
বোলে বাক্য, “লোৱাঁ জন্ম তুমি পৃথিবীত।
ঈশ্বৰৰ অভিপ্ৰায় কৰোঁ বিজ্ঞপিত।”

(৭১)

  মনৰ খুকুৰি গল গৈ আঁতৰি;
  যেন শান্তি-বাৰি বৰষে এধানি;
হোৱা নাই দুৰ্গ মোৰ অবৰোধ-স্থান!
নালাগে কৰিব ৰিপু-সৰোবৰ-স্নান!

(৭২)

  পৰীক্ষাৰ পাৰ  এই বাৰ;
  কাৰণ ইয়াৰ জানো এয়ে সাৰ :—
প্ৰবৃত্তি-শোধনী প্ৰেয়সীৰ পতি-ভক্তি!
আৰু পৃথিবীৰ মহা-আকৰ্ষণ-শক্তি!

[ ২৩ ]

(৭৩)

  আদেশ-প্ৰচাৰ শুনি এই বাৰ,
  বুলিলে সুস্বৰ প্ৰিয়তমা মোৰ
ঈশ্বৰ দূতক ধীৰে কৰি সম্বোধন :—
“স্বামী-বিৰহত মোৰ বিফল জীৱন!

(৭৪)

  “পুৰুষ প্ৰকৃতি অবিভক্ত অতি;
  বঢ়াবলৈ সৃষ্টি কৰিলা বিভক্তি;
যদি পত্নী স্বামীপ্ৰাণা, স্বামী পত্নীপ্ৰাণ—
নোৱাৰাঁ বিহিব প্ৰভু বিচ্ছেদ-বিধান”।

(৭৫)

  “সৃষ্টিৰ বিধান নহয় খণ্ডন,
  প্ৰকৃতি-ৰঞ্জন তুমি সতী জন”—
বোলে ঈশ্বৰৰ দূত,—“পাবা তুমি স্বামী।
যোৱাঁ একে লগে দুয়ো পৃথিবীলৈ নামি।”

(৭৬)

  প্ৰণিপাত কৰি, ওলালোঁ বাহিৰি;
  চাপে ৰাৱ কাঢ়ি, পক্ষী উৰা মাৰি;
আহিলোঁ দুজনে আমি পক্ষী-বাহনত।
নামিলোঁ হি শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ পাৰত।

[ ২৪ ]

(৭৭)

  দুজনে লৱৰি, সূক্ষ্ম দেহা ধৰি,
  পশিলোঁ নগৰী, একেটি চুবুৰি;
ভিন্ন মাতৃ-জঠৰত হলোঁ অধিষ্ঠিত।
মৃতৰ পুনৰুত্থান এয়ে পৃথিবীত!



[ ২৫ ] [ ২৬ ]

 প্ৰকাশক
শ্ৰীবেণুধৰ ৰাজখোৱা
 যোৰহাট।





প্ৰিন্টাৰ  
শ্ৰীজিতেন্দ্ৰ কুমাৰ দাস 
আসাম প্ৰিন্টিং ওৱাৰ্কস 
যোৰহাট।  


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)