পৃষ্ঠা:সিপুৰীৰ বাতৰি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সিপুৰীৰ বাতৰি
 
(২৫)

 দেখোঁ নাৰীগণ, শিক্ষা-দীক্ষা ছন ;
 নাই জাগৰণ,  টোপনি-মগন ;
যি দেশত মহিলাৰ শক্তি লুপ্তপ্ৰায়,
পুৰুষৰ শক্তি তাত নোলায় নোলায় ।

(২৬)

 আজি হে ধৰণী,  অসম-জননী
 কৰে আকৰ্ষণী   মোৰ ই পৰাণি ;
নিশ্চয় ধৰাত মই উপজিম ঘূৰি—
আহিব পাৰোঁ হে যদি এৰি সূক্ষ্ম পুৰী ।

(২৭)

 বায়ুৰ বাহন  কৰি আৰোহণ,
 উঠিলোঁ গগন, এৰি গিৰি বন ;
কুণ্ডিল নগৰীখনি চালোঁ এটি বাৰ ।
প্ৰণামিলোঁ ভক্তিভাৱে দেবী কামাখ্যাৰ ।

(২৮)

 নদী ব্ৰহ্মপুত্ৰ  আতিকৈ পবিত্ৰ,
 জুৰালোঁ হে নেত্ৰ,  চাই তাৰ চিত্ৰ ;
অসম-কোলাত এয়ে স্বৰ্গ-মন্দাকিনী !
ইয়াৰ পানীতে গঁথা পুৰণি কাহিনী !