পৃষ্ঠা:সিপুৰীৰ বাতৰি.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৭৩)

  আদেশ-প্ৰচাৰ শুনি এই বাৰ,
  বুলিলে সুস্বৰ প্ৰিয়তমা মোৰ
ঈশ্বৰ দূতক ধীৰে কৰি সম্বোধন :—
“স্বামী-বিৰহত মোৰ বিফল জীৱন!

(৭৪)

  “পুৰুষ প্ৰকৃতি অবিভক্ত অতি;
  বঢ়াবলৈ সৃষ্টি কৰিলা বিভক্তি;
যদি পত্নী স্বামীপ্ৰাণা, স্বামী পত্নীপ্ৰাণ—
নোৱাৰাঁ বিহিব প্ৰভু বিচ্ছেদ-বিধান”।

(৭৫)

  “সৃষ্টিৰ বিধান নহয় খণ্ডন,
  প্ৰকৃতি-ৰঞ্জন তুমি সতী জন”—
বোলে ঈশ্বৰৰ দূত,—“পাবা তুমি স্বামী।
যোৱাঁ একে লগে দুয়ো পৃথিবীলৈ নামি।”

(৭৬)

  প্ৰণিপাত কৰি, ওলালোঁ বাহিৰি;
  চাপে ৰাৱ কাঢ়ি, পক্ষী উৰা মাৰি;
আহিলোঁ দুজনে আমি পক্ষী-বাহনত।
নামিলোঁ হি শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ পাৰত।