পৃষ্ঠা:সিপুৰীৰ বাতৰি.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
সিপুৰীৰ বাতৰি।
 
(৪১)

 “মোহৰ উদয় যেতিয়াই হয়,
 ক্ষণিকে নিশ্চয়  পায় জানা ক্ষয়
মোহ-প্ৰবৃত্তিৰ বস্তু অতি মনোহৰ,
মোহ-প্ৰাপ্ত মানৱক কৰি সকাতৰ।

(৪২)

 “যেৱে দিন যায়,  মোহ নাশ পায়;
 এন্ধাৰ পলায়,  সু-জ্ঞান ওলায়;
অনুক্ৰমে প্ৰবৃত্তিৰ হয় নিৰ্ব্বাপন।
ইদৰে বিশুদ্ধ হয় মোহী নৰগণ।

(৪৩)

 “সউ যে পৰ্ব্বত  দেখিছা দূৰত,
 নৰ সি থানত  আছে অৱনত;
পৃথিবীত ইতৰক কৰি তৃণজ্ঞান,
কৰিছিল সকলোকে কত অপমান।

(৪৪)

 “ইজন অকলে,  সিজন অকলে;
 গৰালে গৰালে  আবদ্ধ নিৰলে;
ওখ আসনত বহি ঐশ্বৰ্য্য-মাজত
ভাবিছেঁ ময়েই দুখী বিশ্ব-ব্ৰহ্মাণ্ডত।