এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯
সিপুৰীৰ বাতৰি।
“সউ ফুল-বাৰী অতি মনোহাৰী ;
সুন্দৰ সুন্দৰী থাকে ক্ৰিয়া কৰি ;
সাধু সাধ্বী দুয়ো জনে কৰিছে বিহাৰ ।
সুপবিত্ৰ জীৱনৰ এয়ে পুৰস্কাৰ ।
“সউ যে নদীত ফুৰে নিতে-নিত
হই হৰিষত, প্ৰেমত মোহিত ;
খেল-নাও খেলি ফুৰে সুন্দৰ বিচিত্ৰ ।
যুগল-মূৰ্ত্তিৰ এয়ে আন এটি চিত্ৰ ।
“চোৱাঁ সউ তাত মাজুলী বিখ্যাত,
লোক অসংখ্যাত আছে বিচেষ্টাত ;
পৃথিবীত বহু ধৰ্ম্ম কৰি আচৰণ,
ফলত কৰিলে আহি স্বৰ্গ-আৰোহণ ।
“কাম-অগণিত জ্বলি পৃথিৱীত
হয় উপস্থিত কামৰ পুৰীত;
কাম-নদী বয় মাজুলীৰ চাৰি পাশে।
সিপাৰে বিহাৰে কত নাৰী লয়-লাসে।