পৃষ্ঠা:সিপুৰীৰ বাতৰি.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
(৩৭)

 “থাকে নৰগণ  শোকত মগন,
 নাৰীৰে মিলন  নোহে কদাচন;
কালত মানুহে কাম কৰিব দমন।
কাম-প্ৰবৃত্তিৰ হব তেতিয়া শোধন।

(৩৮)

 “সউ ভয়ঙ্কৰ  প্ৰাচীৰ ডাঙ্গৰ,
 ক্ৰোধী মানুহৰ  সেয়ে জানা ঘৰ;
মৰামৰি কৰি হয় জৰ্জ্জৰিত ক্লান্ত।
ক্ৰোধ দমন হয় কালত নিতান্ত।

(৩৯)

 “সউ যে আলয়  আছে থিয় হই,
 লোভী নৰে পায়  তাতেই আশ্ৰয়;
বিৰকতি জন্মে ভুঞ্জি বস্তু অগণন।
লোভ-প্ৰবৃত্তিৰ হয় কালত দমন।

(৪০)

 “সউ শুক্লবৰ্ণ  ঘৰ জ্যোতিপূৰ্ণ;
 মোহত আচ্ছন্ন  মতি-গতি ছন্ন
নৰ-নাৰী পতি-পুত্ৰ কৰিছে বসতি।
লাহে লাহে হয় তাতে মোহ নিবৃত্তি।