(বন্দৰৰ প্ৰবেশ )
বন্দৰ। — আতন বুঢ়াগোহাঁই! এতিয়াও ৰণৰ হেপাহ পলোৱা নাই নে? চুজিন্ফা স্বৰ্গদেৱৰ অকাল মৃত্যু, বীৰ-জায়া জয়মতীৰ পাশবিক হত্যাকাণ্ড, প্ৰজাৰ ওপৰত কৰা নৃশংস অত্যাচাৰ, –সকলো মহাপাপৰ মহা প্ৰায়শ্চিত্ত আহিব লাগিছে। প্ৰস্তুত হোৱা, নহলে আত্মসমপণ কৰাঁ।
বুঢ়া। — কোন তই? বন্দৰ! কাৰ অনুগ্ৰহত আজি তই ৰাজ-প্ৰতিনিধি? এয়েই নে তোৰ ৰাজভক্তি? এয়েই নে তোৰ কৃতজ্ঞতা? বিশ্বাসঘাতক। ৰাজদ্ৰোহী! ইহকালত তোৰ শাস্তি প্ৰাণদণ্ড, পৰকালত অনন্ত নৰক।
বন্দৰ। — বক্তৃতা শুনিবলৈ অৱসৰ নাই! যদি মঙ্গল বাঞ্ছা কৰা, আত্মসমপণ কৰাঁ।
বুঢ়া। — আত্মসমপণ! ৰাজদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ! আচৰিত! এতিয়াও তোৰ কণ্ঠৰোধ হোৱা নাই! আতন বুঢ়াগোঁহাই বিশ্বাসঘাতক নহয়। নিশ্চয় জানিবি, আতন বুঢ়াগোহাঁয়ে স্বৰ্গদেৱৰ বাহিৰে কাৰো ওচৰত আত্মসমৰ্পণ নকৰে।
বন্দৰ। — তেন্তে আত্মৰক্ষা কৰ।
( আক্ৰমণ কৰে। যুদ্ধ কৰি দুয়ো ওলাই যায় )
( গদাপাণিৰ প্ৰবেশ )
গদা। — সকলো শেষ! একমাত্ৰ বাকী আহোম কুলৰ কলঙ্ক চুলিক্ফা। তাক সময় দিছোঁ– তাৰ পাপৰ পৰিণাম
পৃষ্ঠা:সতীৰ তেজ.pdf/৮১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে